বৰভাগত কৰ্কট ৰোগ সম্পৰ্কত বিশাল সজাগতা সভা

baharghat

নৰেন শৰ্মা,বাহাৰঘাট ঃ

বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰু গুৱহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত আজি দিনৰ দহ বজাৰ পৰা এখন কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত  জি এম চি কৰ্কট প্ৰতিষ্ঠানৰ কেইবাগৰাকী কৰ্কটৰোগ বিশেষজ্ঞ উপস্থিত থাকি বিশ্বত কৰ্কট ৰোগে সৃষ্টি কৰা বিভীষিকাৰ লগতে অসমতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ ক্ৰমান্বয়ে বৃদ্ধি পোৱা আৰু তাৰ প্ৰতিকাৰ সম্পৰ্কত বিতংকৈ আলোচনা কৰে। অসমত বিশেষকৈ মুখগহ্বৰ, ডিঙি, খাদ্যনলী, পিত্ত, মহিলাৰ জৰায়ু, স্তন আদিত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ তথ্যয়ো চিকিৎসক গোটটোৱে সদৰি কৰে। বিশেষজ্ঞ সকলে উপস্থিত লোক সকলক অভয় দান কৰি কয় যে এই ৰোগৰ চিকিৎসা আছে। আৰু এই বেমাৰ আৰোগ্যয়ো হয় মাথো উপযুক্ত সময়ত চিকিৎসা কৰিব লাগিব। ইয়াৰ চিকিৎসা সম্পৰ্কে বিভিন্ন জনে বিভিন্ন কথা কয় যদিও এই সম্পৰ্কে জানিবলৈ হ'লে যিজনে আগতে চিকিৎসা কৰি ভাল পাইছে তেনে লোকৰ পৰাহে পৰামৰ্শ ল'ব লাগে বুলিও কয় ।

সভাত বিশেষজ্ঞ সকলে কৰ্কট ৰোগৰ কাৰণ, সাৱধানতা, প্ৰতিকাৰ আৰু সজাগতা সম্পৰ্কে বিভিন্ন পৰামৰ্শ দিয়াৰ উপৰিও চৰকাৰৰ সা-সুবিধাৰ কথাও জনায়। ইয়াৰ পিছতো যদি মানুহ সজাগ নহয় তেতিয়া হ'লে কৰ্কট ৰোগৰ চুনামিয়ে ২০৩০ চনত অসমৰ প্ৰতিঘৰ মানুহেই এই ৰোগত আক্ৰান্ত হ'ব বুলি  আশংকা প্ৰকাশ কৰে চিকিৎসকৰ দলটোৱে। জ্যেষ্ঠ নাগৰিক নাৰায়ন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি সঞ্চালক ডাঃ বি চি গোস্বামীয়ে কৰ্কট ৰোগৰ কাৰক আৰু প্ৰতিকাৰ, ডাঃ মৃদুল শৰ্মাই ডিঙিৰ কৰ্কট ৰোগ সম্পৰ্কত, ডাঃ নৃপতি কলিতাই ধঁপাত আৰু কৰ্কট ৰোগত ইয়াৰ প্ৰভাৱ, ডাঃ নিলাক্ষী মহন্তই স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত, ডাঃ স্মৃতি গোস্বামীয়ে মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ সম্পৰ্কত, ডাঃ আশীষ গুপ্তাই কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰৰ সম্পৰ্কত বক্তব্য আগবঢ়োৱাৰ লগতে চিষ্টাৰ নিভা দত্তই ঘৰুৱা যতন সম্পৰ্কে বহুমূলীয়া বক্তব্য প্ৰদান কৰে।

উক্ত সভাতে উপস্থিত ৰাইযে কৰ্কট ৰোগ সম্পৰ্কত কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দি উপস্থিত ৰাইজক সকলো বিষয় বিতংকৈ বিশেষজ্ঞ সকলে বুজাই দিয়ে।আজিৰ এই সজাগতা সভাখন মুকলি কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ ডেকাই, অভ্যাগত সকলক আদৰণি জনাই মঞ্চৰ সম্পাদক কমল চন্দ্ৰ তালুকদাৰ আৰু বিনয় ডেকাই।

Your Comments