বেবেজীয়াৰ মাহৰিআটিত চুৰি সামগ্ৰীসহ পাঁচ চোৰক গ্ৰেপ্তাৰ

bebejiya

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা : 

নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত মাহৰিআটিত উৰিয়াগাঁও--ডিমৌ বাইপাছত চুৰি সামগ্ৰীসহ পাঁচটাকৈ চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা চোৰকেইটা হৈছে  ৰকিবুল হুছেইন,আব্দুল বাৰিক,ইছমাইল হুছেইন,খাইৰুল ইছলামৰ লগতে গাড়ী চালক জমিৰ আহমেদ । প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ উৰিয়াগাঁও--ডিমৌ বাইপাছৰ কাষত চুৰেন্দ্ৰ সিং নামৰ লোক এজনে নিৰ্মীয়মান গৃহ এটিৰ বাবে আনি থোৱা লক্ষাধিক টকাৰ সামগ্ৰী নিশা পাঁচটা চোৰে AS02-BC 9439 নম্বৰৰ মিনিট্ৰাক খনত বোজাই কৰি থকা অৱস্থাতে শুক্ৰবাৰে নিশা  বেবেজীয়া আৰক্ষীৰ টহলদাৰী গোটৰ হাতত ধৰা পৰে । টহলদাৰী গোটৰ আৰক্ষীৰ দলটিয়ে সন্দেহবশতঃ বোজাই মিনিট্ৰাক খন ৰখাই চালকক  সোধ-পোছ কৰাত সকলো তথ্য পোহৰলৈ আহে । ইতিমধ্যে ngaonবেবেজীয়া আৰক্ষীয়ে চুৰি কাৰ্যত জড়িত পাঁচটা চোৰক আদালতত হাজিৰ কৰাই জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Your Comments