গাঠিৰ ধন ব্যয় কৰি বাঁহৰ দলং সাজি উলিয়ালে নামচিংগাদুঙৰ ৰাইজে

majuli

ৰাজীৱ পাতিৰ, মাজুলী

 লখিমপুৰ জিলাৰ অতিকৈ পিছপৰা,বানবিধ্বস্ত  দুৰ্গম অঞ্চল লোহিত খাবলু গাঁও পঞ্চায়তৰ অন্তৰ্গত নামচিংগাদুং গাঁৱৰ ৰাইজে দেওবাৰে নিজৰ গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰি উলিয়াই ষাঠি মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং । উল্লেখ্য যে দীৰ্ঘদিন ধৰি যাতায়ত- যোগাযোগৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি টি এম পি কে লখিমপুৰ জিলা সমিতিৰ নিৰ্দেশৰ ভিত্তিত নামচিংগাদুং টি এম পি কে গাঁও সমিতি আৰু যুৱক সংঘৰ যৌথ উদ্যোগত বৰালিমৰা ৰাজহ গাঁৱৰ অন্তৰ্গত নামচিংগাদুং গাঁৱৰ পৰা মাজুলী সংযোগী পথৰ তেতেলিজান অংশত নিৰ্মাণ কৰা বাঁহৰ দলংখনৰ দৈৰ্ঘ্য ষাঠি মিটাৰ আৰু বহল তিনি মিটাৰ । টি এম পি কে আৰু যুৱক সংঘৰ সদস্য তথা গাঁৱৰ অৰ্ধশতাধিক লোকে প্ৰখৰ ৰ'দকো নেওচি একোডালকৈ বাঁহ লৈ ৰাতিপুৱাৰ পৰা দা,কটাৰী,কুঠাৰ আদি বিভিন্ন সামগ্ৰী লৈ ওলাই আহি বাঁহৰ দলং নিৰ্মাণৰ কামত হাতে -কামে লাগি যায় সকলোয়ে ।

majuli2 গোটেই দিনটোৰ সময় খৰছ কৰি দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰে ।নামচিংগাদুং- মাজুলী সংযোগী পথৰ যাতায়ত ব্যৱস্থা উপযোগী কৰি তোলা হয় । ইয়াৰ লগে লগে বৰালিমৰা ৰাজহ গাঁৱৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ লোকে  কিছু সকাহ পোৱা পৰিলক্ষিত হ'ল । উল্লেখ্য যে বিভিন্ন বিভাগ তথা চৰকাৰ-প্ৰশাসনে গ্ৰহণ কৰা সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকাৰ ফলত খহনীয়া, স্বাস্থ্য, শিক্ষা আদিৰ লগতে যাতায়ত -যোগাযোগৰ ক্ষেত্ৰত দুৰ্বিষহ জীৱন অব্যাহত আছে । এনে পৰিপ্ৰেক্ষিতত চৰকাৰ- প্ৰশাসনলৈ কোনো আশা বাদ দি গাঁৱৰ ৰাইজে নিজে ওলাই আহি দলং নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে ।এনে পদক্ষেপৰ সচেতন মহলে আদৰণি জনাইছে ।

Your Comments