গোসাঁইগাঁৱত চাকৰিৰ নামত যুৱকৰ লুণ্ঠন : গুৱাহাটীৰ নাৰায়নী মাইক্ৰ ফাইনেছ নামৰ কোম্পানীৰ দুৰ্নীতি : 

micro

গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলাম
গুৱাহাটী মহানগৰীৰ মাইক্ৰ’ফাইনেছ নামৰ এটা ব্যক্তিগত কোম্পানী চাকৰিৰ নামত নিবনুৱা যুৱকৰ পৰা লাখ লাখ টকা লুটি নিয়াৰ বাতৰি প্ৰকাশ পাইছে। এই ধন একাংশ এজেণ্টৰ সহায়ত নিছিল বুলি গুৰুতৰ অভিযোগ উঠিছে কাহানিও নুশুনা মাইক্ৰ” ফাইনেছ নামৰ কোম্পানীটোৰ বিৰুদ্ধে। শিক্ষিত নিবনুৱা যুৱক যুৱতী চাকৰি বিচাৰি হাবাথুৰি খাই থকা সময়ত এক অভিসন্ধি ৰচনা কৰি কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিত বৃহৎ ধন লুটি লোৱাৰ ঘটনাইটোৱে সকলোৰে চকু কপালত তুলিছে।

উল্লেখ যে ইফালে গুৱাহাটী মহানগৰীতো এনে ঘটনা সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য পোহৰ লৈ আহিছে। প্ৰাপ্ত অভিযোগ অনুসৰি ৰাজ্যখনৰ গাঁও পঞ্চায়ত আৰু ভি চি ডি চি পৰ্যায়ত এজনকৈ গাঁও পঞ্চায়ত মিত্ৰ নিযুক্তি দিয়া হ’ব আৰু উক্ত গাঁও পঞ্চায়তৰ মিত্ৰজনক প্ৰশিক্ষণ দিয়াৰ অন্তত গাঁৱৰ ৰাইজক আৰ্থিক অনুদান( লোন) দিব পাৰিব বুলি গুৱাহাটীৰ ছয় মাইলৰ নিকটৱৰ্তী  জয়া নগৰৰ মাইক্ৰ ফাইনেছ নামৰ এটি ব্যক্তিগত সন্থাই মুখে মুখে এক জাননী জাৰি কৰে। আৰু উক্ত সংস্থাৰ এগৰাকী কৰ্মচাৰী বুলি পৰিচয় দিয়া গোসাঁইগাঁৱৰ ভাওৰাগুৰিৰ টকেয়ামাৰি গাঁৱৰ গাওঁবুঢ়া ৰহি দাসৰ পুত্ৰ দয়াল চন্দ্ৰ দাস গোসাঁইগাঁৱৰ বিভিন্ন অঞ্চলৰ প্ৰায় কুৰি গৰাকী নিবনুৱা যুৱকক যোগাযোগ কৰি দিয়ে। মাইক্ৰ” ফাইনেছ ব্যক্তিগত সংস্থাটোৱে নিবনুৱা যুৱকক কৰ্ম সংস্থাপনৰ প্ৰলোভন দি প্ৰশিক্ষণ আৰু অন্যান্য সামগ্ৰীৰ বাবদ পাঁচ হেজাৰৰ পৰা চল্লিশ হেজাৰ কৈ টকা লয়। micro2

ইয়াৰে কিছু টকা সেই সকল পঞ্চায়ত মিত্ৰৰ প্ৰাৰ্থী সংস্থাৰ নিজ একাউণ্টত আৰু আন কিছুমান প্ৰাৰ্থী কৰ্মচাৰী তথা ভাওৰাগুৰিৰ দয়াল চন্দ্ৰ দাসক দিয়ে।টকাখিনি এনেকৈ আদায় লোৱাৰ পিছত মাইক্ৰ ফাইনেছ ব্যক্তিগত সংস্থাৰ পৰা এখনকৈ নিযুক্তি পত্ৰ (letter engment) দিয়াৰ লগতে টকা লোৱাৰ ৰচিদ দিয়ে। গোসাঁইগাঁৱৰ বিভিন্ন প্ৰান্তৰ গাঁও পঞ্চায়ত মিত্ৰ বিষয়া কৰ্মীৰ একাংশক চাৰি অক্টোবৰ ২০১৮ চনত নিযুক্তি পত্ৰ দিয়াৰ বিপৰীতে ১৭ ছেপ্টেম্বৰ ২০১৮ তাৰিখত টকা লোৱাৰ এখনকৈ ৰচিদ দিয়া হৈছে। কিন্তু কৰ্ম সংস্থাপনৰ নামত নিবনুৱা যুৱক সকলৰ পৰা টকা লোৱাৰ এটা বছৰ অতিক্ৰম কৰিবলৈ হ’ল যদিও সেই সকল ব্যক্তি আজিলৈ কৰ্ম সংস্থাপন লাভ নকৰিলে। সেয়েহে ভুক্তভোগীৰ সংস্থাটোৰ ওপৰত সন্দেহ হোৱাত আৰু হাতে হাতে দিয়া নিযুক্তি পত্ৰ সমূহ ভুৱা বুলি নিশ্চিত হৈ গুৱাহাটীৰ কাৰ্যালয়ত যোগাযোগ কৰাত কোনো সঁহাৰি নিদি কেৱল ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতি দি ঘূৰাই দিয়ে নিবনুৱা যুৱকক সকলক।

ইপিনে, কোম্পানীৰ কৰ্মচাৰী তথা  গোসাঁইগাঁৱৰ টকেয়ামাৰি গাঁৱৰ যুৱক দয়াল চন্দ্ৰ দাসৰ সৈতে যোগাযোগ কৰাত তেওঁ প্ৰাৰ্থী সকলক বিভিন্ন অজুহাত দেখুৱাই আঁতৰি থকাই নহয় যোৱা কিছুদিন ধৰি আত্মগোপনো কৰে। দালাল চক্ৰৰ কবলত পৰি টকা বিচাৰি হাবাথুৰি খাই ফুৰা যুৱক সকলে অৱশেষত সংবাদ মাধ্যমৰ ওচৰ চাপে আৰু গুৱাহাটীৰ উক্ত কোম্পানীটোৱে কৰা দুৰ্নীতিৰ বিৰুদ্ধে উপযুক্ত তদন্ত কৰি শাস্তিৰ দাবী জনায় ।

Your Comments