নৰেন শৰ্মা,বাহাৰঘাট,১জুন :
নলবাৰী জিলাৰ অন্তৰ্গত লৰমা স্থিত শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক আজি দিনৰ ভাগত নিকেতন প্ৰাংগনত সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷নিকেতনৰ প্ৰধানাচাৰ্য্য তিলক চন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুস্থিত হোৱা এক সভাত নিকেতন পৰিচালনা সমিতিৰ সভাপতি ৰজত চন্দ্ৰ শৰ্মা,সম্পাদক শচীন্দ্ৰ শৰ্মা,জ্যেষ্ঠ আচাৰ্য্য ভবেশ চন্দ্ৰ কলিতাই সম্বৰ্ধিত শিকাৰ্থী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে৷আনহাতে সম্বৰ্ধিত শিক্ষাৰ্থী নয়নজ্যোতি কলিতা আৰু নুপুৰ নন্দন দাসেও নিকেতনৰ আচাৰ্য্য,আচাৰ্য্যা সকলে তেওঁলোকৰ প্ৰতি লোৱা যত্নৰ শলাগ লোৱাৰ লগতে অধ্যয়নৰত শিক্ষাৰ্থী সকলকো সুন্দৰ পৰামৰ্শ আগবঢ়ায়৷ অধ্যয়নৰত শিক্ষাৰ্থীৰ মাজৰ পৰাও বক্তব্য ৰাখা সভাখনত নিকেতনৰ হতাকাংক্ষী ভূপেন লহকৰ,দেহাৰকুছি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য ফনীনাথ লহকৰ,হিতাকাংক্ষী ৰমেন কলিতা,দিলীপ কলিতাইও অংশগ্ৰহণ কৰে৷সভাখনত শিক্ষাৰ্থী সকলক ফুলাম গামোচা আৰু কিতাপৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷
একেৰাহে একাদশ বৰ্ষলৈ এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে নিজ গৰিমা অক্ষুণ্ণ ৰাখা শিক্ষানুস্থানৰ পৰা এইবেলি মুঠ ৩০ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অবতীৰ্ণ হৈছিল ৷ইয়াৰে ২৪ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে আঠ জনে ডিষ্টিংচন,সাতজনে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হয়৷আনহাতে ছয় জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷ নিকেতন খনৰ পৰা এইবেলি চিন্ময় লহকৰ,কৃষানুজ শৰ্মা,নয়নজ্যোতি কলিতা,নুপুৰ নন্দন দাস,নয়ন নিৰ্বান শইকীয়া,জ্যোতিপ্ৰজন্য শইকীয়া,চিন্ময় শৰ্মা,হিমাশ্ৰী কলিতা আদি ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।
- Log in to post comments
- 35 views