বঙাইগাঁওঃ১জুনঃ
প্ৰকৃত ভাৰতীয় লোকক বিদেশীৰ নামত কৰা হাৰা শাস্তিৰ প্ৰতিবাদত তথা ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া সোনা উল্লাহক ডিটেনচন কেম্পৰ পৰা মুক্তি দিয়াৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বঙাইগাঁও জিলাৰ ধনতোলাত ৰূপায়ণ কৰা এই পুত্তলিকা দাহ কাৰ্যসূচীত উপস্থিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে লগতে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ গৃহ বিভাগ হায় হায়, বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰা শাস্তি কৰা বন্ধ কৰক আদি বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱনাথে সংবাদ মাধ্যমৰ আগত কয় যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভাগটো সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হোৱাৰ বাবেই আজি প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰা শাস্তি কৰা হৈছে ৷ সোনা উল্লাহৰ দৰে সেনা বাহিনীৰ প্ৰাক্তন বিষয়াক আজি বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে ৷ সেয়ে এনে ঘটনাৰ তদন্ত হ'ব লাগে ৷ এই তদন্ত প্ৰক্ৰিয়াত সীমান্ত শাখাৰ পূৰ্বৰ তদন্তকাৰী আৰক্ষী বিষয়া চন্দ্ৰমল দাসক তদন্তৰ আওতালৈ আনি সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ দাবী জনাই সোনা উল্লাহক ডিটেনচন কেম্পৰ পৰা মুকলি কৰি দিয়াৰ বাবেও দাবী জনায় ৷
- Log in to post comments
- 9 views