বঙাইগাঁও আৰক্ষী ছাউনীত ২০ গৰাকী কীৰ্তিমান ছাত্ৰ - ছাত্ৰীক সম্বৰ্ধনা 

bgn

বঙাইগাঁওঃ ১ জুনঃ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰক্ষীৰ কীৰ্তিমান ছাত্ৰ- ছাত্ৰীসকলক আজি বঙাইগাঁও জিলা আৰক্ষী বিভাগৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ৷ এই উপলক্ষে বঙাইগাঁও আৰক্ষী ছাউনীত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সমূহ আৰক্ষীৰ সহযোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰক্ষীৰ ২০ গৰাকী কীৰ্তিমান ছাত্র-ছাত্রীক উষ্ম সম্বৰ্ধনা জনায় ।bgn2

এই অনুষ্ঠানৰ জৰিয়তে ছাত্র-ছাত্রী সকলোক প্ৰেৰণা তথা উৎসাহ যোগোৱাৰ লগতে  সকলোৰে উজ্জ্বল ভবিষ্যত কামনা কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী আদি উপস্থিত থাকি ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনায় ৷

Your Comments