নাহৰকটীয়াৰ পৰা সমীৰণ বৰুৱাৰ প্রতিবেদন :
নিশাৰ আন্ধাৰত গুলীচালনা। আঁৰত বিজেপি নেতা ।প্ৰত্যক্ষদৰ্শী আকৌ কংগ্ৰেছী নেতা ৷আতংকিত প্ৰত্যক্ষদৰ্শীয়ে নিশাই গোচৰ ৰজু কৰিলে আৰক্ষী থানাত ৷ আৰু তাৰ পিছতে অভিযোগ- প্ৰতিঅভিযোগ,ক্ৰিয়া- প্ৰতিক্ৰিয়াত লিপ্ত হৈ পৰিল দুয়োপক্ষ ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত শুকুৰবাৰে নিশা সংঘটিত এনে ঘটনাক্ৰমে স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগৰখনত ৷
উল্লেখ্যে যে নাহৰকটীয়া মণ্ডল কংগ্ৰেছৰ সভাপতি চিত্ৰ বড়াই সন্ধিয়া নিজৰ সন্তানক টিউচনৰ পৰা আনিবলৈ যাওঁতেই স্থানীয় নগৰ সমিতিৰ কাৰ্যালয়ৰ সমীপত নিশা প্ৰায় ৭:৩০ত সন্মুখীন হয় বিজেপি নেতা তথা পৌৰসভাৰ সভাপতি জগদীশ ৰাজকোঁৱৰে শূন্যলৈ গুলী চলোৱাৰ ঘটনাৰ ৷
ইফালে কেমেৰাৰ সন্মুখত ঘটনাৰ প্ৰত্যক্ষদৰ্শী চিত্ৰ বড়াই পোনপটীয়াকৈ গুলীচালনাৰ ঘটনাত স্থানীয় পৌৰসভাপতিগৰাকীৰ নাম উল্লেখ কৰিলেও নাহৰকটীয়া আৰক্ষী থানাত দিয়া এজাহাৰত নাম উল্লেখ কৰা নাই বিজেপি নেতা জগদীশ ৰাজকোঁৱৰৰ নাম ৷ ইয়াৰ বিপৰীতে তেওঁ উল্লেখ কৰে বিজেপিৰ নাহৰকটীয়াৰ টাউন মণ্ডলৰ সম্পাদক প্ৰীতম হাজৰিকাৰ নাম ৷
উল্লেখ্য যে এই প্ৰীতম হাজৰিকাৰে অনুজ্ঞাপত্ৰ থকা পইন্ট থ্ৰি টু ব’ৰৰ পিষ্টলৰে পৌৰসভাপতিগৰাকীয়ে গুলীচালনা কৰা বুলি অভিযোগ উঠিছে ৷লক্ষণীয় যে নিৰ্বাচনী অধিসূচনা চলি থকাৰ বাবে বিজেপিৰ যুৱ নেতাগৰাকীয়ে প্ৰশাসনক জমা দিয়া তেওঁৰ আগ্নেয়াস্ত্ৰ শুকুৰবাৰৰ আবেলিহে আৰক্ষী থানাৰ পৰা সংগ্ৰহ কৰিছিল বুলি জানিবলৈ দিয়ে।যুৱ নেতাজনৰ মতে, তেওঁ পিষ্টলটোৰ সৈতে ২৩টা সজীৱ গুলী নিৰ্বাচনৰ পূৰ্বে জমা দিছিল আৰু সেয়া গুলীচালনাৰ অভিযোগৰ পিছত আৰক্ষীয়ে বিচৰাত পুনৰ জমা দিছে ৷
ইফালে,অভিযোগ- প্ৰতিঅভিযোগৰ মাজতে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে নাহৰকটীয়া পৌৰসভাৰ সভাপতি জগদীশ ৰাজকোঁৱৰে ৷ ভিত্তিহীন এনে অভিযোগৰ বিষয়ে আৰক্ষীয়ে অনুসন্ধান চলোৱাৰ পৰত তেওঁ দায়িত্বশীল নাগৰিক হিচাপে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি সদৰি কৰে।
দুয়োপক্ষৰ এনে স্থিতিৰ পিছত স্বাভাৱিকতে ৰহস্যৰ মাজলৈ গতি কৰিছে নাহৰকটীয়াৰ গুলীচালনাৰ ঘটনা ৷
আনহাতে,শুকুৰবাৰে নিশা ইয়াকে লৈ উত্তেজিত হৈ পৰে নাহৰকটীয়াৰ থানা চৌহদ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। নিয়ন্ত্ৰণ কৰিবলৈ চিআইএছএফ বাহিনীকো মোতায়েন কৰিবলগীয়া হয় ৷আৰক্ষীয়ে ইতিমধ্যে বিজেপিৰ যুৱ নেতাজনৰ পিষ্টল নিজৰ জিম্মাত লৈছে ৷
- Log in to post comments
- 22 views