টিহু ছোৱালী হাইস্কুল ইক' ক্লাৱৰ উদ্যোগত সেউজ সংকল্প সজাগতা সভা

tihu

 নলবাৰী ঃ

নলবাৰী  জিলাৰ টিহু ছোৱালী হাইস্কুল ইক' ক্লাৱৰ উদ্যোগত এখন প্ৰদূষণ মুক্ত , সেউজীয়া অসম গঢ়াৰ সংকল্পৰে শনিবাৰে এখন  সেউজ সংকল্প সজাগতা সভা অনুস্থিত হয় ।জিলাখনৰ টিহু ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী  লাবন্য ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভা খনত অংশ লয় অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰ, নলবাৰী জিলা বন বিষয়া আহেৰ আলি, মধুৰাম দাস, টিহু  ছোৱালী হাইস্কুলৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰীৰ লগতে টিহুৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয় ববীয়া, আৰু সংবাদ মাধ্যমৰ লোকে। ইয়াৰ পিছতে প্ৰায় পাঁচ শতাধিক ছাত্ৰীয়ে হাতে হাতে গছপুলি লৈ টিহু নগৰৰ মূল পথেৰে পৰিভ্ৰমণ কৰি গছপুলি ৰোপণৰ  সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ।tihu2

সভাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে টিহু ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী লাবন্য ডেকাই আৰু বৃক্ষৰোপণ কৰে জ্যেষ্ঠ শিক্ষয়িত্ৰী  অনিমা দাস আৰু সদৌ অসম চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি কৃষ্ণ পাঠকে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক কিশোৰ কুমাৰ শৰ্মাই আৰু  সভাৰ আঁতধৰে শিক্ষক বিমান কলিতা আৰু জিতু কলিতাই ।

Your Comments