চেঙাৰ পৰা সুৰজিৎ পাঠক :
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বৰপেটা জিলাৰ নগাঁওস্থিত নিউটন একাডেমি অফ চায়েন্সেৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি সম্বৰ্ধনা জনোৱা হয় । শিক্ষানুষ্ঠানখনৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা দীপাংকৰ তালুকদাৰে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোত শুভেচ্ছামূলক আদৰণি ভাষণ প্ৰদান কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ শিকদাৰ মহিদুল ইছলামে। শিক্ষানুষ্ঠানখনৰ পৰা ডিষ্টিংচন নম্বৰ লাভ কৰা ছাত্ৰ তাহেৰ আলীয়ে মনৰ ভাৱ প্ৰকাশ কৰি তেওঁৰ সফলতাত অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ।
উল্লেখ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম শিক্ষাবৰ্ষতে উজলি উঠিবলৈ সক্ষম হৈছে নিউটন একাডেমি অফ চায়েন্সে ।সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত একাডেমিখনৰ পৰা ৬৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকী ছাত্ৰ- ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ শিক্ষানুষ্ঠানখনৰ লগতে বৰপেটা জিলালৈ সুনাম কঢ়িয়াই আনিছে।
- Log in to post comments
- 8 views