নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শৈক্ষিক ক্ষেত্ৰত জিলিকি উঠিল ৰাজ্যখনৰ আগশাৰীৰ অন্যতম শিক্ষানুষ্ঠান নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় । দেশৰ আগশাৰীৰ আলোচনী "ইণ্ডিয়া টুডে"ৰ এক সমীক্ষাত শ্ৰেষ্ঠতাৰ ভিত্তিত দেশৰ ভিতৰতে স্থান লাভ কৰিছে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে। "ইণ্ডিয়া টুডে" আৰু"মাৰ্কেটিং এণ্ড ডেভেলপমেণ্ট ৰিচাৰ্চ এছ'চিয়েছন"
নামৰ প্ৰতিষ্ঠানটোৱে ২০১৮-২০১৯ বৰ্ষত ভাৰতবৰ্ষৰ দহ হাজাৰ মহাবিদ্যালয়ক লৈ চলোৱা
এক সমীক্ষাত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে দেশৰ ভিতৰতে কলা শাখাত ১০৯ নং আৰু বিজ্ঞান শাখাত ১১৫ নং স্থান লাভ কৰিছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিত কুমাৰ ভাগৱতীয়ে NewsASNক জানিব দিয়ে । উল্লেখযোগ্য যে উক্ত সমীক্ষাত কলা শাখাত চেইন্ট ষ্টিফেন কলেজ আৰু বিজ্ঞান শাখাত দিল্লীৰ মিৰাণ্ডা হাউছ কলেজে শীৰ্ষস্থান লাভ কৰিছে । "ইণ্ডিয়া টুডে"
আলোচনীখনে ১০ হাজাৰ মহাবিদ্যালয়ৰ ভিতৰত ১২০৭ খন মহাবিদ্যালয়ক এই বাছনিৰ আওতালৈ আনিছিল । মহাবিদ্যালয় এখনৰ আন্তঃগাঁঠনি,
শিক্ষাৰ গুণগত মান, পৰিচালনাৰ দক্ষতা আৰু নিয়োগৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ সফলতা বিবেচনা কৰি চলোৱা সমীক্ষাটোত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে দেশৰ ভিতৰতে স্থান লাভ কৰাত মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰীৰ লগতে শৈক্ষিক মহলে আনন্দ প্ৰকাশ কৰে । স্মৰ্তব্য যে হীৰক জয়ন্তী বৰ্ষ উদযাপিত হৈ থকা আনন্দৰাম ঢেকিয়াল ফুকন "নাক"ৰ মূল্যায়নত ৩.১১পইন্টৰে "এ" গ্ৰেড লাভ কৰাৰ সমান্তৰালকৈ মহাবিদ্যালয়ত স্নাতক মহলাৰ কলা,বিজ্ঞান আৰু বাণিজ্য শাখাৰ উপৰিও স্নাতকোত্তৰ মহলাত অসমীয়া,বুৰঞ্জী আৰু হাৰ্বেল চায়েন্সত অধ্যয়নৰ সুবিধা আছে । আনহাতে বৃত্তিমুখী শিক্ষা টি টেকন'ল'জি এণ্ড প্লেন্টেচন মেনেজমেন্ট,বি চি এ, আৰু পি জি ডি চি এ আদি বিষয়ৰ অধ্যয়ন উপলব্ধ । উন্নত আন্তঃগাঁঠনিৰ লগতে অধ্যয়নৰ সুন্দৰ পৰিবেশ থকা মহাবিদ্যালয়
খনৰ হীৰক জয়ন্তী বৰ্ষ চলি থকা সময়তে লাভ কৰা এই সুনামে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতি,অধ্যক্ষ,
অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি তুলিছে ।
- Log in to post comments
- 58 views