বিজনীৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতে লুটিলে বাছ যাত্ৰীক, নিহত এগৰাকী মহিলা যাত্ৰী

rober

বঙাইগাঁওঃ

 বিশ্বনাথ চাৰিঅালিৰ পৰা পশ্চিম বংগৰ শিলিগুৰিলৈ গৈ থকা যাত্ৰীবাহী নৈশ বাছ এখনত বৃহস্পতিবাৰে নিশা বিজনীৰ ওচৰত এক ডকাইতিৰ ঘটনা সংঘটিত হয়। অাৰক্ষীয়ে জানিব দিয়া মতে বৃহস্পতিবাৰে দিনৰ অাঢ়ৈ মান বজাত বিশ্বনাথ চাৰিঅালিৰ পৰা এছ ১৯ এ চি ১৬৭৭ নম্বৰৰ (জয় ৰাম কৃষ্ণ) বাছখনে শিলিগুৰিলৈ যাত্ৰা অাৰম্ভ কৰিছিল। বাছখন তেজপুৰৰ মিছন চাৰিঅালি পাওঁতে তাৰ পৰা ৬ জন যুৱক বাছখনত উঠিছিল। কিন্তু নিশা প্ৰায় ১-৪৫ বজা মানত বাছখন বিজনীৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অাহি থকাত বাছত যাত্ৰা কৰা যুৱকৰ দলটোৱে হঠাতে পিষ্টল অাৰু চোকা অস্ত্ৰ দেখুৱাই বাছখনৰ ২০ জন যাত্ৰীৰ পৰা নগধ ধন, মোবাইল ফোন ,লেপটপ অাৰু সোণ - ৰূপৰ অা-অলংকাৰ লুট কৰি নিয়ে।

এনেদৰে লুট কৰাৰ সময়তে ফুলমায়া বিশ্বকৰ্মা নামৰ ৬০ বছৰীয়া মহিলা এগৰাকীক চৰিয়াই তেওঁ পিন্ধা সোণৰ অা-অলংকাৰ কাঢ়ি নিয়াত মহিলাগৰাকী অচেতন হৈ পৰে।ডকাইতি কৰি থকাৰ সময়ত এজন ডকাইতে বাছ চালকৰ মূৰত পিষ্টল লগাই বাছখন চলাই থাকিবলৈ কৈছিল। শেষত অাই নদীৰ দলঙৰ কাষত বাছখন ৰখাই ডকাইতৰ দলটো নামি পলআই যায়। চালকে বাছখন লৈ অাজি পুৱা চাৰি বজা মানত বঙাইগাঁৱৰ সদৰ থানাত উপস্থিত হৈ ঘটনাটোৰ বিষয়ে অাৰক্ষীক অৱগত কৰাৰ লগতে এখন এজাহাৰো দিয়ে। সেই মতে অাৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৯৬ নং ধাৰাৰ অধীনত ৩৬৮/২০১৯ নং গোচৰ এটা ৰুজু কৰাৰ লগতে মহিলাগৰাকীক তেওঁৰ অাত্মীয়ৰ সৈতে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে মৃত মহিলাগৰাকীৰ সৈতে তেওঁৰ আত্মীয় চন্দ্ৰমায়া বিশ্বকৰ্মা আৰু ৰণমায়া বিশ্বকৰ্মাও আছিল ৷  লগতে নেপালৰ পৰা তেজপুৰলৈ বুলি ফুৰিবলৈ অহা তৰেন্দ্ৰ চলামী মগৰ নামৰ আন এজন যুৱকো বাছখনত আছিল ৷ সকলোৱে নেপাললৈ বুলি যাবলৈ শিলিগুৰিলৈ গৈ আছিল ৷ পিচত মহিলাগৰাকীৰ মৃত্যু হোৱাত তেওঁলোক বিপদত পৰে ৷ আনকি ডকাইতে সকলো লুট কৰি নিয়াত হাতত এটকাও নাছিল ৷ সেইদৰে মৃতদেহটো বিশ্বনাথ চাৰিআলিৰ গোলিয়া গাঁওলৈ নিয়াৰ বাবেও সমস্যাত পৰে ৷ অৱশেষত বিষয়টো বঙাইগাঁৱৰ সাংবাদিকে জিলা  উপায়ুক্ত অাদিল খানক অৱগত কৰাত মহিলাগৰাকীৰ মৃতদেহ এম্বুলেঞ্চ এখনেৰে বিশ্বনাথ চাৰিঅালিত থকা তেওঁৰ ঘৰলৈ নিয়াৰ বাবে ব্যৱস্থা কৰি দিয়ে ৷ জিলা উপায়ুক্ত আদিল খান আৰু জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে চিকিৎসালয়লৈ গৈ মৃত মহিলাগৰাকীৰ আত্মীয়ক লগ ধৰি সকলো কথাৰ বুজ লয় ৷

 

Your Comments