বঙাইগাঁওঃ
অসম চৰকাৰৰগৃহ বিভাগৰ অধিনস্থ সীমান্ত শাখাৰ আৰক্ষীৰ ষড়ন্ত্ৰত ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া সোনা উল্লাহৰ লগতে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ বৈধ নাগৰিকক অন্যায়ভাৱে বিদেশী ঘোষণা কৰি ডিটেনচন কেম্পত বন্দী কৰাৰ প্ৰতিবাদত শুকুৰবাবে আমছুৱে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও জিলা আমছুৰ উদ্যোগত চহৰখনৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনৰ সন্মুখৰ মূল ৰাজ পথত ৰূপায়ণ কৰা এই প্ৰতিকৃতি দাহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আমছু নেতা - কৰ্মীসকলে প্ৰতিকৃতি দাহ কৰাৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, বিদেশী নাগৰিকৰ নামত সংখ্যালঘু লোকক হাৰা শাস্তি কৰা বন্ধ কৰক, অসম চৰকাৰ মুৰ্দাবাদ, গৃহ বিভাগ হায় হায়, সোনা উল্লাহক বিনা চৰ্তে মুক্তি দিয়ক, দোষী সীমান্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰক, উই ওৱান জাষ্টিচ, এই জুই জ্বলিছে জ্বলিবই, অসম চৰকাৰ গ' বেক আদি বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইপিনে প্ৰতিকৃতি দাহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীৰ আওতাত যি সীমান্ত শাখাৰ আৰক্ষী আছে , এই সীমান্ত আৰক্ষীয়ে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলক ভাৰতীয় নাগৰিক হোৱাৰ পিছতো একপক্ষীয় আৰু অন্যায়ভাৱে 'ডি' ভোটাৰ সজাই গোচৰসমূহ বিদেশী ন্যায়াধীকৰণলৈ পঠিয়াই লোকসকলক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷ মই ভাবো যে মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘুসকলক পুলিচ, মিলিটাৰী লগাই গুলীয়াই হত্যা কৰিব নোৱাৰি ভাৰতীয় নাগৰিকক ভুলকৈ 'ডি' ভোটাৰ সজাই ডিটেনচন কেম্পলৈ নি জীৱন্তে হত্যা কৰাৰ এটা পৰিকল্পনা ৰচনা কৰিছে ৷
আমাৰ ন্যায় পালিকাৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে যদিও ন্যায় পালিকাইও কোনো বাচ বিচাৰ নকৰাকৈ তথা কোনো নথি - পত্ৰ নচোৱাকে কিছুমান অযথা প্ৰশ্ন সুধি লোকসকলক বিদেশী বুলি ঘোষণা কৰি আছে ৷ কেৱল সংখ্যালঘু লোকসকলক বিদেশী ঘোষণা কৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে এই ন্যায়াধিকৰণৰ সদস্যসকলক নিযুক্তি প্ৰদান কৰি আহিছে বুলিও অভিযোগ কৰে ৷ লগতে সোনা উল্লাহক বিদেশী সজাই ডিটেনচ কেম্পলৈ প্ৰেৰণ কৰা ঘটনাই সীমান্ত আৰক্ষীয়ে যে কোনো অনুসন্ধান নকৰাকৈয়ে যধে - মধে হাজাৰ হাজাৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক ডি ভোটাৰ সজাই বিদেশী ন্যায়াধিকৰণলৈ পঠিয়াই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰি আহিছে বুলি আমাৰ যি সন্দেহ আছিল সেয়া বাস্তৱত পৰিণত হৈছে ৷ আমছু নেতা গৰাকীয়ে বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰৰণ কৰা সোনা উল্লাহক বিনা চৰ্তে মুকলি কৰি দিয়াৰ বাবে দাবী জনাই এই ঘটনাৰ লগত বিভাগটোৰ কোন কোন বিষয়া জড়িত আছে মুখ্যমন্ত্ৰীয়ে এক উচ্চস্তৰীয় তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৷ লগতে সোনা উল্লাহৰ দৰে ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰি যি আন হাজাৰ হাজাৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক অন্যায় কৰা হৈছে, তেওঁলোকৰো গোচৰ বিলাক পুনৰ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী জনায় ৷ গতিকে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কৰক আৰু যদি তেওঁ গৃহ বিভাগটো চলাব পৰা নাই তেতিয়াহলে গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰক ৷ কাৰণ আমি বহু সহ্য কৰিছো আৰু বহু ধৈৰ্য ধৰিছো ৷ সেয়ে ভাৰতীয় নাগৰিকক যদি মুখ্যমন্ত্ৰী তথা সীমান্ত আৰক্ষীয়ে ডিটেনচন কেম্পত প্ৰেৰণ কৰি হত্যা কৰিব বিচাৰে, তেতিয়াহলে এক কোটি সংখ্যালঘু ৰাইজে কিন্তু গণতান্ত্ৰিকভাৱে ৰাজ পথলৈ ওলাই আহি ইয়াৰ প্ৰত্যুত্তৰ দিব ৷ তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহলে মুখ্যমন্ত্ৰীয়ে নিয়োগ কৰা বিদেশী ন্যায়াধিকৰণৰ সদস্যসকল, সীমান্ত আৰক্ষী আৰু মুখ্যমন্ত্ৰী জগৰীয়া হ'ব ৷ আমছুৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয় যে - আমি ভাৰতীয় নাগৰিক ৷ কিন্তু যদি ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলক আপুনি অসমত জীয়াই থাকিব নিদিয়ে, যদি আপুনি অসমত তেওঁলোকৰ অধিকাৰ দিব নিবিচাৰে, তেতিয়াহলে কৈ দিয়ক ৷ কিমান ডিটেনচন কেম্প বনাব ? আপুনি ঘোষণা কৰাৰ আগতে আমি নিজে লাখ লাখ সংখ্যালঘু ৰাইজ ডিটেনচন কেম্পত সোমাম ৷ প্ৰয়োজনত আমি জেল ভৰো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম ৷ তথাপি আমি এনেকুৱা ধৰণৰ অন্যায় সহ্য নকৰো ৷ প্ৰতিবাদী কাৰ্যসূচীত বঙাইগাঁও জিলা আমছুৰ সভাপতি হজৰত আলীসহ উপসভাপতি, সাধাৰণ সম্পাদক আদিকে ধৰি বিষয়ববীয়া আৰু আমছু কৰ্মীসকল উপস্থিত থাকে ৷
- Log in to post comments
- 7 views