ন-খুটি বন বিভাগৰ সফল অভিযান, অবৈধ কাঠ কটা মেচিন জব্দ

forest

লংকাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
নখুটী বন বিভাগৰ বন বিষয়া মনোজ শৰ্মাৰ নেতৃত্বত যোৱা এটি দলে গোপন সূত্ৰৰ পম খেদি নখুটি অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ কটা মেচিন জব্দ কৰিবলৈ সক্ষম হয়। 
হোজাই জিলাৰ  লংকা বন সংমণ্ডলৰ অধীনস্থ ন-খুটি বন বিভাগে অবৈধ কাঠ ফালা এটা মেচিন  চোৰাং কাঠ বেপাৰীৰ কবলৰ  পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ নেতৃত্ব দিয়া ন-খুটি বন বিভাগৰ বিষয়া মনোজ শৰ্মাই জানিবলৈ দিয়ে যে এনেধৰণৰ কাঠ কটা মেচিন অঞ্চলটোৰ একাংশ চোৰাং কাৰবাৰীৰ হাতত ৬-৭টা পৰ্যন্ত আছে কিন্তু ন-খুটি বন বিভাগৰ কাৰ্যালয়ত বন কৰ্মীৰ সংখ্যা যথেষ্ঠ কম হোৱাৰ বাবে চোৰাং বেপাৰীৰ কবলৰ পৰা বাকী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে যে লামডিং সংৰক্ষিত বনাঞ্চলত একাংশ বন মাফিয়াই আজি দীৰ্ঘ দিনৰ পৰা চলাই আছে বন ধ্বংশযজ্ঞ।

 

Your Comments