বহি:ৰাজ্যৰ পৰা ঘৰলৈ আহোঁতে সোণাৰিৰ যুৱক সন্ধানহীন

gg

সোণাৰিৰ পৰা ঘন বৰা


বহি:ৰাজ্যত কৰ্মৰত এজন যুৱক ঘৰলৈ আহি থকাৰ সময়তে লংকা ৰে'ল ষ্টেচনত সন্ধানহীন হৈ পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰাইদেউ জিলাৰ টিমনৰ চাহ বাগিচাৰ কাৰ্তিক কৰ্মকাৰৰ পুত্ৰ দিলীপ কৰ্মকাৰে  বহি:ৰাজ্যৰ এটা কাপোৰ কোম্পানীত কাম কৰি ঘৰলৈ উভতি অহাৰ সময়তে লংকা ৰে'ল ষ্টেচনত এটা পানী বটল আনিবলৈ নামি যোৱাৰ পিছতেই সন্ধাহীন হৈ পৰে। কোনো লোকে সন্ধান পালে ৬০০০৯৬৩৬৩৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহবান জনাইছে।

Your Comments