লাহৰীঘাটত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত স্হানীয় ৰাইজৰ

laharighat

শ্বামিমুল ইছলাম, লাহৰীঘাট :

লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়াত  স্হানীয় ৰাইজে শুকুৰবাৰে সন্ধিয়া নাৰী দেহ ব্যৱসায়ৰ এটা ঘাটি উৎখাত কৰে। স্থানীয়  ৰাইজৰ অভিযোগ অনুসৰি হাচিনা বেগম নামৰ  মহিলা এগৰাকীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন ঠাইৰ পৰা মহিলা সকলক আনি নিজ গৃহতে চলাই আহিছিল এই অসামাজিক কাৰ্য ।স্হানীয় ৰাইজে বহুবাৰ আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিতয়ো হৈ আহিছে । অৱশেষত আজি সন্ধিয়া স্হানীয় ৰাইজে খাপ পিতি থাকি  হাতে-লোটে ধৰা পেলাই তিনি অভিযুক্তক। ধৃত অভিযুক্তকেইটা ক্ৰমে ইনামূল হক,মাজাহাৰুল ইছলাম আৰু বেগম উপাধিধাৰী ডিব্ৰুগড়ৰ এগৰাকী মহিলা বুলি জানিব পৰা গৈছে।laharighat

স্থানীয় ৰাইজে  তিনি অভিযুক্তক আটক কৰি আৰক্ষীক গতাই দিয়ে যদিও মুল অভিযুক্ত হাচিনা বেগম পলাই সাৰে। উত্তেজিত ৰাইজে অভিযুক্ত হাচিনা বেগমৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে। অভিযুক্ত মহিলা গৰাকীৰ ঘৰৰ পৰা বহু  আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰি লাহৰীঘাট আৰক্ষীয়ে থানালৈ লৈ যায়।
লাহৰীঘাট আৰক্ষীয়ে অসামাজিক কাৰ্য কলাপ চলাই অহা সমাজ ধ্বংসকাৰী হাচিনা বেগমৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হব।

Your Comments