বঙাইগাঁওঃ ৩১ মেঃ
আজি বঙাইগাঁৱতো বিশ্ব ধঁপাত-বিহীন দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা স্বাস্থ্য সমিতি আৰু জিলা ধপাঁত নিয়ন্ত্ৰণ আঁচনিৰ উদ্যোগত বঙাইগাঁও চহৰত পালন কৰা হয় এই দিৱস ৷ এই উপলক্ষে পুৱাৰ ভাগত এক সজাগতা শোভাযাত্ৰাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ধ্ৰুৱজ্যোতি দাসে বীৰঝৰা ৰাজহুৱা পুথিভঁৰালৰ সন্মুখত এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে ৷ শোভাযাত্ৰাকাৰীসকলে বঙাইগাঁও চহৰৰ প্ৰধান পথৰ মাজেৰে গৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে পুনৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাললৈ উভতি আহে ৷ ইয়াৰ পিছতে বীৰঝৰা ৰাজহুৱা পুথিভঁৰালত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সভাপতিত্ব কৰা সভাখনত ধঁপাত সেৱনৰ অপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰা হয় ৷ লগতে ধঁপাত সেৱনৰ পৰা আঁতৰি থকাৰ উপায়ৰ বিষয়ে অৱগত কৰা হয় ৷
সভাখনত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীৰ লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়া এ হুছেইন, বিদ্যালয় সমূহৰ পৰিদৰ্শক এছ খান, জিলা ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ ন'ডেল বিষয়া ডাঃ হৰিদাস সৰকাৰ, আয়ুষৰ ন'ডেল বিষয়া ডাঃ পি নাথ, বিভিন্ন এনজিঅ’ৰ প্ৰতিনিধি, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক- ছাত্ৰ- ছাত্ৰীসকল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে আদৰণি ভাষণ দিয়া সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে জিলা ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ ন'ডেল বিষয়া ডাঃ হৰিদাস সৰকাৰে ৷ সভাত আমন্ত্ৰিত অতিথি হিচাপে ভাষণ প্ৰদান কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক এছ খানে ৷ এই সভাতে ধঁপাত বিৰোধী সংকল্প গ্ৰহণ কৰা হয় ৷
ইপিনে সজাগতা সমদলকাৰীসকলে ধঁপাত বিৰোধী পুস্তিকা বিতৰণ কৰে ৷ এই দিৱসৰ লগত সংগতি ৰাখি এটা আই ই চি ষ্টল মুকলি কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা আৰু সাংস্কৃতিক কৰ্মীৰ দ্বাৰা সভাস্থলীত বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷
- Log in to post comments
- 26 views