চৰাইদেউৰ সাপেখাতীত নাহৰফুটুকী বাঘ নিধন,এজন গুৰুতৰ ভাৱে আহত 

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :

চৰাইদেউ জিলাৰ সাপেখাতী ভেচেলী পথাৰত শুক্ৰবাৰে পুৱাই জীৱশ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গল এটি নাহৰফুটুকী বাঘৰ। উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি বাঘটোৱে সন্ত্ৰাস চলাই বহুকেইটা পশুধন নিধন কৰিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছিল। আজি পুৱাই বাঘটো জংঘলৰ পৰা ওলাই আহি ভেচেলী পথাৰ গাঁৱৰ লিলেশ্বৰ চাংমাইৰ ঘৰৰ সমীপত আশ্ৰয় লয় । বাঘটো হঠাতে দেখি লিলেশ্বৰ চাংমাইৰ পুত্ৰ লুহিত চাংমাইয়ে চিঞৰ বাখৰ কৰাত বাঘটো পলাব বিচাৰি বাৰীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত লিলেশ্বৰ চাংমাইক বাটতে  আক্ৰমণ কৰি পেলাই চোঁচৰাই বহুদূৰ লৈ যায়।ghana

৮২ বছৰীয়া লিলেশ্বৰ চাংমাইয়ে বাঘৰ মুখৰ পৰা প্ৰাণ বচাবলৈ চিঞঁৰ বাখৰ কৰাত গাঁৱৰ ৰাইজে খেদি খেদি বাঘটো আক্ৰমণ কৰি নিধন কৰিহে বাঘটোৰ কৱলৰ পৰা লিলেশ্বৰক উদ্ধাৰ কৰে । একাংশ লোকে নাহৰফুটুকীটো নিধন কৰাতে ক্ষান্ত নাথাকি ভড়ালৰ চালিত ডিঙিত ৰচিৰে ওলমাই লৈ নেজ, ভৰি আদি পৰ্য্যন্ত কাটি পেলালে।  ইফালে বাঘৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত লিলেশ্বৰক ডিব্ৰুগড় লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।আনহাতে পলমকৈ হলেও ঘটনাস্থলীত বনবিভাগৰ লোক উপষ্ঠিত হৈ মৃত বাঘটো উদ্ধাৰ কৰি বৰহাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় ৷

Your Comments

Related Articles