ৰাজীৱ পাতিৰ, মাজুলী:
সত্ৰীয়া সংস্কৃতিৰ পীঠস্হান মাজুলীৰ সুৰক্ষাৰ বাবে মজুত কৰি ৰখা জিঅ’ বেগ কালি সংঘটিত হোৱা চুৰি কাণ্ডত জড়িত দুজন লোকক আজি মাজুলী মহকুমা ন্যায়িক দণ্ডাদীশ আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে পুৱ মাজুলী শালমৰাৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ বালিত পুতি থোৱা অৱস্থাত যোৱা ৩০ মে'ৰ সন্ধিয়া সময়ত পুৱ মাজুলী ছাত্ৰ সন্থাৰ তৎপৰতাত বনগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে উদ্ধাৰ কৰে খহনীয়া প্রতিৰোধৰ বাবে অনা জিঅ’ বেগ । ঘটনামতে এএছ ০৩ বিচি ০১৬০ নম্বৰৰ এখন পিক আপ ভেন গাড়ীখনক ৰাজীব বৰা আৰু মনোজ শইকীয়া শালমৰাত সংৰক্ষিত কৰি থোৱা জিঅ’বেগ নিবলৈ আহে ।
কোনো নথিপত্ৰ তথা অকৰ্তৃত্বভাৱে মাজুলীৰ খহনীয়া প্রতিৰোধৰ বাবে মজুত কৰি ৰখা জিঅ'বেগসমুহ নিয়াৰ চেষ্টা কৰাক লৈ স্থানীয় লোকে সন্দেহ উপজাত বাধা প্ৰদান কৰি দুয়োজনকে বনগাঁও আৰক্ষীৰ ওচৰত গটাই দিয়ে । এই ঘটনাৰ পম খেদি বনগাঁও থানাৰ আৰক্ষীয়ে শালমৰাত উপস্থিত হৈ চলোৱা অভিযান কালত ১৬০ টা জিঅ’বেগ শালমৰাৰ দাদু হাজৰিকাৰ ঘৰত আৰু ১৬ টা জিঅ'বেগ ব্রহ্মপুত্র ব'ৰ্ডৰ নৈৰ পাৰৰ বালিত পুতি থোৱা অবস্থাত উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত বিষয়ত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি ৰাজীৱ বৰা আৰু মনোজ শইকীয়া দুয়োজনকে মাজুলী মহকুমা ন্যায়িক দণ্ডাদীশ আদালতত হাজিৰ কৰোৱা হয় । ইয়াৰ পিছতে আদালতে দুয়ো অপৰাধীক জে'ল হাজোতলৈ প্রেৰণ কৰাৰ লগতে পিক আপ ভেনখন জব্দ কৰিছে ।
- Log in to post comments
- 19 views