উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

nghy

স্থানীয় প্ৰতিবেদকঃ

শুকুৰবাৰে সমগ্ৰ বিশ্বত ধঁপাত বিৰোধী দিৱস পালন কৰাৰ সমান্তৰালকৈ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনতো বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয় ৷ দিৱসৰ লগত সংগতি ৰাখি আজি এখন সজাগতা সভাৰ আয়োজন কৰা হয়।

এই সজাগতা সভাখন পৰিচালনা আৰু সঞ্চালনা কৰে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে।

লগতে সভাত আঁত ধৰে উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই ৷ পুৱা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ প্ৰদান কৰে  উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ  সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে ৷ তেওঁ ভাষণ প্ৰসংগত ধঁপাতৰ অপকাৰিতা সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে। সভাৰ সভাপতি তথা প্ৰধান আচাৰ্য উৎপল তালুকদাৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আচাৰ্য-আচাৰ্যাসকলক ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ লবলৈ আহ্বান জনায়।

Your Comments