গোলাঘাটৰ প্ৰকৃতিপ্ৰেমী অৰূপবল্লভ গোস্বামী,গোলাপ গগৈলৈ অসম সাহিত্য সভাৰ বিশেষ সন্মান

gola

গোলাঘাটৰ পৰা মিনাক্ষী ফুকন

বিশ্ব পৰিৱেশ-প্ৰকৃতিৰ সুৰক্ষাৰ বাবে অসম সাহিত্য সভাই বিগত বৰ্ষৰ পৰা হাতত লোৱা 'সেউজ যাত্ৰা' কাৰ্যসূচীৰ অংশৰূপে পৰিৱেশ-প্ৰকৃতি তথা জৈৱ-বৈচিত্ৰ সংৰক্ষণ আৰু সজাগতাৰ দিশত জীৱনজুৰি আগবঢ়োৱা অৱদানৰ বাবে গোলাঘাটৰ নগৰৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰূপবল্লভ গোস্বামী আৰু কাকডোঙা অঞ্চলৰ গোলাপ গগৈলৈ অসম সাহিত্য সভাই বিশেষ সন্মান আগবঢ়াইছে । অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে ঘোষণা কৰা এই সন্মান গোলাঘাটত অহা ৬  জুনত প্ৰদান কৰি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব । 


উল্লেখ্য যে সুদীৰ্ঘ ৩০ বছৰৰো অধিক কাল গোলাঘাট নগৰৰ বেঙেনেখোৱা গান্ধী নগৰৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰূপবল্লভ গোস্বামীয়ে প্ৰকৃতি,পৰিৱেশ,বন্য জীৱ-জন্তুৰ সংৰক্ষণৰ দিশত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে হাতে-কামে নিৰবচ্ছিন্নভাৱে সেৱা আগবঢ়াই বিশেষ অৱদান আগবঢ়াই গৈছে। গোলাঘাট জিলাৰ নামবৰ সংৰক্ষিত বনাঞ্চল,দেওপাহাৰ সংৰক্ষিত বনাঞ্চল আদিৰ সংৰক্ষণৰ দিশত গ্ৰহণ কৰা তেওঁৰ ভূমিকা অনস্বীকাৰ্য । প্ৰকৃতি-পৰিৱেশ, বন্য জীৱ-জন্তুক লৈ মুক্ত 'ফটোগ্ৰাফাৰ'ৰূপে দেশ-বিদেশত তেওঁ পৰিচিত। 'ডব্লিউডব্লিউএফ','পিপুলচ ফ'ৰ এনিমেল', ' বম্বে নেচাৰেল হিচটৰী চচাইটি', 'ফটোগ্ৰাফী ছ'চাইটি অৱ ইণ্ডিয়া' আদিৰ তেওঁ আজীৱন সদস্য । উক্ত সংস্থাকেইটাৰ হৈ তেওঁ দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই গৈছে।ইতিমধ্যে চতুৰ্থবাৰৰ বাবে অৰূপ বল্লভ গোস্বামীক অসম চৰকাৰে অবৈতনিক 'ৱাইল্ড লাইফ ৱাৰ্ডেন' ৰূপে নিযুক্তি প্ৰদান কৰিছে । ggg


বিশেষ সন্মান প্ৰদান আগবঢ়োৱাৰ কথা ঘোষণা কৰা আনগৰাকী প্ৰকৃতিপ্ৰেমী গোলাঘাট জিলাৰ কাকডোঙা অঞ্চলৰ গোলাপ গগৈ।তেওঁ দক্ষিণহেঙেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ।  শিক্ষকতাৰ দিনৰে পৰা তেওঁ পৰিৱেশ-প্ৰকৃতি,জৈৱ-বৈচিত্ৰ সংৰক্ষণৰ লগতে স্বচ্ছতাৰ দিশত সজাগতাৰ উদ্দেশ্যে দীৰ্ঘদিন ধৰি নিঃস্বাৰ্থ ভূমিকা পালন কৰি গৈছে।তেওঁ দেশ-বিদেশতো সমাদৃত হৈছে।গোলাঘাটৰ এই দুগৰাকী প্ৰকৃতিপ্ৰেমীলৈ অসম সাহিত্য সভাই আগবঢ়োৱা সন্মানক আদৰণি জনাইছে ৰাইজে।

Your Comments