নগৰবেৰাত বাল্য বিবাহৰ বিৰুদ্ধে ছাইল্ড লাইনৰ অভিযান

asn

নগৰবেৰাৰ পৰা আব্দুল ৰছিদ

 

বৃহস্পতিবাৰে নগৰবেৰাৰ ৰংগেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীয়ে  অভিযান চলায়।অভিযানত ৰংগেশ্বৰী গাঁৱৰ পৰা এগৰাকী ১৬ বছৰীয়া নৱবিবাহিতা নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।  


নাবালিকাগৰাকীক যোৱা ২৮ মে'ত বৰপেটাৰ মাজৰচৰৰ পৰা বিয়া পাতি আনিছিল ৰংগেশ্বৰী গাঁৱৰ ছইফুৰ ৰহমান নামৰ যুৱকজনে।উল্লেখ্য যে স্বামী ছইফুৰ ৰহমান আৰু শহুৰ নাৱেব আলী সম্প্ৰতি পলাতক হৈ আছে।

Your Comments