খুড়াকক হত্যা, ভতিজাকক গুলী : বায়ুসেনাৰ প্ৰাক্তন বিষয়াক মঙলদৈ আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

mangaldoi

উজ্জ্বল জ্যোতি ডেকা, মঙলদৈ :

সীমামূৰীয়া মাটিৰ এজোপা গমাৰী গছৰ বাবে হত্যা। হত্যাকাৰী এজন বায়ুসেনাৰ অৱসৰী বিষয়া। শুনিব আচৰিত যেন লাগিলেও বৃহস্পতিবাৰে মঙলদৈৰ চেচন ন্যায়ধীশ পিপি বৰাৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড সহ ১৭ হাজাৰ টকাৰ জৰিমনা বিহে ৭১ বছৰীয়া টংকেশ্বৰ শৰ্মা নামৰ বিষয়াজনক। লক্ষণীয় যে ২০১১ চনৰ ১৪ অক্টোবৰৰ পূৱা ১১-৩০ বজাত টংকেশ্বৰে খুড়াক পঞ্চানন শৰ্মাক নিজৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত পিস্তলেৰে ৰঙামাটি সৰুঠেকেৰাবাৰী গাৱত গুলিয়াই হত্যা কৰিছিল। একেদৰে ভতিজাক সতীশ শৰ্মাক গুলিয়াই আঘাতপ্ৰাপ্ত কৰিছিল। মঙলদৈ থানাৰ ৭৩০/১১ গোচৰটোৰ শুনানি লৈ বৃহস্পতিবাৰে এই ৰায়দান কৰে।

Your Comments