জিতুমনি নাথ,মৰিগাঁও:
শ্ৰীমন্ত শংকৰদেৱে সংঘই সংঘৰ সদস্য সকলে গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলাতো নিষিদ্ধ কৰাৰ পাছত এইবাৰ গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলাত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্যৰ আন এক ধৰ্মীয় অনুষ্ঠান 'এক শৰণ নাম ধৰ্ম জনজাতি সমাজে'। আজি মৰিগাঁৱত এক শৰণ নাম ধৰ্ম জনজাতি সমাজৰ পদাধিকাৰ সূচিত্ৰ কালিয়া,প্ৰধান সচিব ডিম্বেশ্বৰ দেউতা,মূখ্য প্ৰচাৰক বিজন পাটৰ,প্ৰাক্তন পদাধিকাৰ টিকেন্দ্ৰ ডেকাৰজা,প্ৰাক্তন প্ৰধান সচিব সোনচিং পাটৰ আৰু প্ৰাক্তন প্ৰধান সচিব প্ৰফুল্ল বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে শ্ৰীমন্তশঙ্কৰদেৱৰ ধৰ্ম অনুগামী সুধিবৃন্দই এক জ্বলন্ত ধৰ্মৰ সংকটৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। এই জ্বলন্ত ধৰ্মীয় সমস্যাটো হৈছে গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলা। আমি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী ভক্ত সেয়ে গুৰু জনাৰ খাদ্যভাষ অনুসৰি নিৰামিষ ভোজন কৰাটো প্ৰয়োজন। নিৰামিষ ভোজন শৰীৰৰ বাবে আটাইতকৈ উপযোগী। কিন্ত মাংসকে ধৰি মদ্যপান,ৰাগীয়াল খাদ্য গ্ৰহণ কৰা সকলৰ উগ্ৰতা আৰু তেজশ্ৰী বাঢ়ে। তেনে খাদ্য গ্ৰহণ কৰিলে মহাপুৰুষ জনাৰ ধৰ্মত ব্ৰতী থকাটো জটিল হয়। গুৰুজনাৰ ধৰ্মত ব্ৰতী থাকিবলৈ হলে গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলাটো নিষিদ্ধ হোৱাটো বাঞ্ছনীয়। আমাৰ স্থিতি স্পষ্ট গুৰু জনাৰ নাম ধৰ্মত ব্ৰতী থাকিবলৈ হলে গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলাৰ পৰা বিৰত থাকিবই লাগিব। এই নীতি মানি নচলা ভক্ত সকলক আমাৰ অনুশাসন মতে সংগী পদৰ পৰা বাতিল বা যিকোনো অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম বুলি এক শৰণ নাম ধৰ্ম জনজাতি সমাজৰ নেতৃত্বই নিজৰ মত ব্যক্ত কৰে।
- Log in to post comments
- 132 views