বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা
শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (বিজ্ঞান শাখাত )চিৰাং জিলাৰ বঙাইগাঁও শোধানাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নম্ৰতা নাথে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়৷বিদ্যালয়ৰ উপাধ্যক্ষ ভৱানন্দ নাথ আৰু বুলিৰাণী কাকতি নাথৰ কন্যা নম্ৰতা নাথে ভবিষ্যতে এগৰাকী শিক্ষক হোৱাৰ আশা মনত পুহি ৰাখিছে ৷ ছাত্ৰীগৰাকীয়ে আজৰি সময়ত ছবি অকাৰ লগতে পিয়ান’ বজাই ভাল পায় ৷ নম্ৰতা নাথে মুঠ ৪৭২ নম্বৰ লাভ কৰিছে ৷
- Log in to post comments
- 13 views