কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 'ৰিটেইল ট্ৰেড' বিভাগত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ লোনামণি হাজৰিকা আৰু মধুস্মিতা হাজৰিকাই ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।এশ শতাংশই উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ ২০ গৰাকী ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰি মুঠ ৬০ গৰাকী ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
- Log in to post comments
- 12 views