বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
বৃহস্পতিবাৰে ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই বৃহৎসংখ্যক ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক পৰাস্ত কৰাটো নিশ্চিত হোৱাত নলবাৰী বিধানসভা সমষ্টিৰ লগতে বাহাৰঘাট অঞ্চলতো আনন্দৰ লহৰ উঠিছে৷ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ কেইটামান মুহূৰ্ত বাকী থকা সময়ত অঞ্চলটোৰ মিত্ৰজোঁটৰ কৰ্মীসকলে আবতৰীয়া দেৱালী উদযাপন কৰিছে৷
উল্লেখযোগ্য যে শইকীয়া উক্ত অঞ্চলৰে পূৰ্ণকামদেৱ(মোমাইতোলা) গাঁৱৰ প্ৰয়াত শিক্ষক প্ৰবীণ চন্দ্ৰ শইকীয়াৰ পুত্ৰ৷ সহজ- সৰল শিক্ষকৰ সন্তান হিচাপে দিলীপ শইকীয়াও সৰুৰে পৰা সামাজিক কামত আগৰণুৱা৷ এসময়ত এবিভিপিৰ ৰাজ্যিক কমিটীৰ নেতৃত্ব বহন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বাবত থাকি দলৰ কামকাজ কৰিছিল৷
এনেহেন নিষ্ঠাবান সমাজ সেৱক আৰু অক্লান্ত বিজেপিৰ নেতা এজনক মঙলদৈ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব দিয়াত সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছিল৷ সেই সময়ত অঞ্চলবাসী ৰাইজে বন্তি জ্বলাই,ফটকা ফুটাই আদৰণি জনাইছিল শইকীয়াক৷ইমানে নহয়, আনকি বিজেপিৰ ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃবৃন্দকো ধন্যবাদ জনাইছিল৷ আজি সেই গৰাকী মৰমৰ যুৱনেতা সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ দিশত অগ্ৰসৰ হোৱাত অঞ্চলবাসী আনন্দত আত্মাহাৰা হৈ পৰিছে৷
অঞ্চলটোৰ বিজেপি তথা মিত্ৰজোঁটৰ কৰ্মীসকলে ৰাইজৰ সহযোগত বিভিন্ন ঠাইত ফটকা ফুটাই 'আকৌ এবাৰ মোডী চৰকাৰ' ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷
- Log in to post comments
- 75 views