ভোটগণনাৰ বাবে আজি কামৰূপ(ম) জিলা প্ৰশাসনৰ ড্ৰাই দে ঘোষণা

dry day

নিউজ ডেস্ক :

লোকসভাৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে কামৰূপ(ম) জিলা প্ৰশাসনৰ ড্ৰাই দে ঘোষণা। বৃহস্পতিবাৰে পুৱা পৰা ভোটগণনা শেষ নোহোৱা লৈকে বাহাল থাকিব এই নিৰ্দেশনা।এই কথা আজি এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে কামৰূপ(ম) জিলা প্ৰশাসনে।উল্লেখ যে এই সময়ছোৱাত সমগ্ৰ মহানগৰতে বন্ধ থাকিব সকলো সুৰা-বিপনী,বাৰ ।ইয়াৰ উপৰিও উক্ত বন্ধ সময়ছোৱাত যাতে কোনো অসাধু ব্যৱসায়ীয়ে গোপনে সুৰা বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে তীব্ৰ নজৰ ৰাখিব বুলিও জানিবলৈ দিছে। উল্লেখ যে গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিধনাসভা সমষ্টিৰ কালিলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত।উক্ত সময়ছোৱাত যাতে মহানগৰৰ নিৰাপত্তা ব্যৱস্থাত কোনো সমস্যা নহয় তাৰ বাবে জিলা প্ৰশাসনে কালিলৈ ঘোষণা কৰিছে ড্ৰাই দে। 

আনহাতে মহানগৰ আৰক্ষীৰ আয়ুক্তই জানিবলৈ দিয়া অনুসৰি সমগ্ৰ মহানগৰতে ভোটগণনা দিনটোত অধিক তৎপৰতা গ্ৰহণ কৰা হৈছে। মহানগৰীৰ বিভিন্ন স্থানত কালিলৈ দিনটোত অতিৰিক্ত আৰক্ষীৰ নিয়োগ কৰাৰ কথাও আজি এক সংবাদ মেলৰ জৰিয়তে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিছে।ইফালে সমগ্ৰ মহানগৰ খন আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ বিষয়াৰ তত্বাৱধানত থাকিব বুলিয়ে উল্লেখ কৰিছে।

Your Comments