জু-ৰোডৰ বিস্ফোৰণৰ মূল অভিযুক্ত দুধর্ষ আলফা বিজয় অসমক ১৪ দিনৰ পুলিচৰ জিম্মালৈ 

bijoy

নিউজ ডেস্ক :

জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসম ওৰফে পাপু ৰাজবংশীক মংগলবাৰে তিনিচুকীয়াৰ ডাঙৰীৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অধিক কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি পুৱা অনা হয় অনা হয়  গুৱাহাটীলৈ।মহানগৰীৰ লতাশিল থানাত দিনটো ৰাখি আবেলি তিনি বজাত স্বাস্থ্য পৰীক্ষাৰ কৰাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ লৈ যোৱা হয়।bijoy asom

তাৰ পাছত আবেলি চাৰি বজাত দুধর্ষ আলফা কেডাৰ গৰাকীক  হাজিৰ কৰোৱা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। আদালতে দুধর্ষ আলফা কেডাৰ গৰাকীক গীতানগৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত ১৪ দিনৰ পুলিচৰ জিম্মালৈ প্ৰেৰণ কৰে। পুনৰ বিজয় অসমক  অহা ৫ জুন আদালতত হাজিৰ কৰোৱাৰ বাবে আৰক্ষীক নির্দেশ প্ৰদান কৰে।

আনহাতে আলফা(স্বা) দুধর্ষ কেডাৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণেৰে জড়িত গোটেই কেইগৰাকী অভিযুক্তকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

সেইদিনাৰ সমগ্ৰ ঘটনাক্ৰমক আৰক্ষী আয়ুক্ত গৰাকীয়ে এফালৰ পৰা বৰ্ণনা কৰি কয় যে আলফাৰ দুধর্ষ কেডাৰ বিজয় অসমেই চিন্ময় লহকৰৰ মটৰ চাইকেলত আহি গ্ৰেনেডতো নিক্ষেপ কৰিছিল। আৰু সেই সময়ত অভিনেত্ৰী জাহ্নৱী শইকীয়া ৰৈ আছিল গণেশগুৰিত। গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰিয়েই চিন্ময় লহকৰৰ মটৰ চাইকেলেৰে পুনৰ বিজয় অসম গৈছিল গণেশগুৰিত ৰৈ থকা জাহ্নৱী শইকীয়াৰ ওচৰলৈ।গণেশগুৰিৰ পৰা জাহ্নৱী শইকীয়াই বিজয় অসমক নিজৰ ভাড়াঘৰলৈ লৈ গৈছিল।সেইদিনা ৰাতিয়েই গুৱাহাটী এৰিছিল দুধর্ষ আলফা কেডাৰ গৰাকীয়ে।

ইয়াৰ উপৰিও আৰক্ষীৰ আয়ুক্ত গৰাকীয়ে কয় ২০১৩ চনত আলফা(স্বা)ত যোগদিয়া বিজয় অসমে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ম্যানমাৰত। ইফালে কুটাঘাট সংঘটিত কৰিবলৈ যোৱা ৮মে'ত দুধর্ষ কেডাৰ গৰাকী গুৱাহাটীলৈ আহিছিল বুলি প্ৰাথমিক তদন্তত স্বীকাৰ কৰা বুলি জানিবলৈ দিছে।লগতে তেওঁ জানিবলৈ দিয়ে যে ইয়াৰ পূৰ্বতে বিজয় অসম দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল।আৰু দ্বিতীয়বাৰ কাৰাগাৰৰ পৰা মুক্তি হৈয়ে যোগ দিছিল নিষিদ্ধ ঘোষিত আলফা(স্বা) ।

আনহাতে ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰাণময় ৰাজগুৰুৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে ৰাজগুৰুৰ আলফাৰ শীর্ষ নেতৃত্বৰ সৈতে যোগাযোগ আছিল।ইফালে প্ৰাথমিক জেৰাত বিজয় অসমে ধেমাজি জিলাৰ পৰা বহুতো যুৱক-যুৱতী আলফা (স্বা)নতুনকৈ যোগদান কৰা বুলি স্বীকাৰ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। ইফালে মহানগৰীত যিকোনো সময়তে সংঘটিত হব পৰা কুটাঘাটৰ পৰা মহানগৰবাসীক সুৰক্ষাৰ দিবলৈ অসম আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলিও জানিবলৈ দিছে।

ইফালে যোৱা বছৰ পানবজাৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত বিজয় অসম জড়িত হব পাৰে নিকি বুলি আৰক্ষী আয়ুক্তক প্ৰশ্ন কৰাত তেওঁ কয় সেই ঘটনাৰ সন্দৰ্ভত এতিয়া জেৰা চলোৱা হব।

Your Comments