জাতিৰ স্বাৰ্থত নিজৰ মাটিলৈ উভতি আহক, অহিংস প্ৰথাৰে জ্যোতি-বিষ্ণু-ভূপেনদাৰ দৰে সকলোৱে মিলি সংগ্রাম কৰিম-পৰেশ বৰুৱালৈ মুকলি আহ্বান কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ

barnali

নিউজ ডেস্ক :

জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ পাছত অসম নৱ প্ৰজন্মৰ হাৰ্টথ'ব জুবিন গাৰ্গে আলফা(স্বা)ৰ এই কাৰ্যক গৰিহণা দিয়াৰ উপৰিও ছচিয়েল মিডিয়াৰ জৰিয়তেও এনে কাৰ্যক তীব্ৰ সমালোচনা কৰিছিল। তাৰ পাছতেই জুবিনৰ সমালোচনা সন্দৰ্ভত সংবাদ মাধ্যমলৈ ফোন কৰি নিজৰ অভিমত ব্যক্ত কৰিছিল আলফা(স্বা) মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই। সেনাধক্ষ্য গৰাকীয়েও ওলোটাই জুবিনলৈ কিছু প্ৰশ্ন কৰিছিল সংবাদ মাধ্যমৰ জৰিয়তে। আলফা সেনাধক্ষ্য গৰাকীয়ে জুবিন গাৰ্গলৈ নিক্ষেপ কৰা সেই প্ৰশ্ন সমূহৰে সমাজিক মাধ্যমৰ জৰিয়তে এইবাৰ উত্তৰ দিছে কণ্ঠশিল্পী বৰ্ণালী কলিতাই।


তেওঁ এক পত্ৰৰ জৰিয়তে উল্লেখ কৰিছে যে পৰেশ বৰুৱাই কোৱাৰ দৰে জুবিন এজন গায়ক নহয় তেওঁ এগৰাকী শিল্পী।কাৰণ জুবিন গাৰ্গে শিল্পৰ সৈতে জড়িত সকলো কাম নিপুণ ভাবে কৰিব পাৰে।ইয়াৰ উপৰিও জুবিন গাৰ্গে সকলো বাদ্যযন্ত্ৰ  অনায়াসে বজাব পাৰে।আনহে নালাগে "জুবিন গাৰ্গে অস্ত্ৰও চলাব পাৰিব বুলি মোৰ বিশ্বাস"।ইফালে পৰেশ বৰুৱাক আহ্বান জনাই বৰ্ণালী কলিতাই ঠিঠিত উল্লেখ কৰিছে যে "আপুনিও অস্ত্ৰ এৰি বাদ্যযন্ত্ৰত ধৰক, প্ৰয়োজনত আপোনাৰ সুৰক্ষাৰ বাবে জুবিন আৰু মইয়েই অস্ত্ৰ ধৰিম।

আনহাতে জুবিনৰ দৰে মইও কৃষি বিপ্লৱৰ কামনা কৰো বুলি উল্লেখ কৰি পৰেশ বৰুৱাক তেওঁ প্ৰশ্ন কৰি কয় -আপুনি জুবিনক প্ৰশ্ন কৰিছে জুবিনৰ অনুৰাগী কেইজনে নাঙল ধৰিছে বুলি ? সেই প্ৰশ্নৰ উত্তৰত বৰ্ণালী কলিতাই কয় "জুবিনৰ অনুৰাগী কেইজনে নাঙল ধৰিছে  মই নাজানো ।

কিন্তু  জুবিনৰ অনুৰাগীয়ে হাতত অস্ত্ৰ লৈ নিৰীহক হত্যা কৰা নাই । আপোনাৰ অনুৰাগী সকলে কিন্তু হাতত অস্ত্ৰ লৈ নিৰীহক হত্যা কৰি অসমক ৰক্তাক্ত কৰিছে বুলি কন্ঠশিল্পী গৰাকীয়ে মুকলিলৈ চিঠিত উল্লেখ কৰিছে।

ইয়াৰ উপৰিও পৰেশ বৰুৱাক কণ্ঠশিল্পী কলিতাই আপুনি কিমানক সহায় কৰিছে বুলিও এক প্ৰশ্ন কৰাৰ লগতে  "মই আৰু জুবিন গাৰ্গে সাধ্য অনুসাৰে বিভিন্ন সময়ত দৰিদ্ৰ,প্ৰাকৃতিক দুৰ্যোগত আক্রান্ত সকল যিমান পাৰোঁ সহায় কৰি আহিছো" বুলিও উল্লেখ কৰে।

ইয়াৰ উপৰিও তেওঁ আলফাৰ স্বাধীনতাৰ প্ৰসঙ্গ উল্লেখ কৰি কয় "আপুনি  স্বাধীনতা বিচাৰিছে কিন্তু অসমত বাস কৰা সাধাৰণ মানুহে কি বিচাৰিছে আপুনি এবাৰ সুধি চাইছে নে?লগতে কণ্ঠশিল্পী গৰাকীয়ে  স্বাধীন ৰাষ্ট্ৰৰে আপুনি কি কৰিব বিচাৰিছে এবাৰ জানিবলৈ মন গৈছে , কাৰণ আপোনালোকৰ ইচ্ছাত আজি বহু মানুহৰ জীৱন বন্তি অকালতে নিৰ্বাপিত হ'ল বুলিও এক যুক্তিপূর্ণ প্ৰশ্ন উত্থাপন কৰে।ইয়াৰ উপৰিও অসমত নিবনুৱা সমস্যা বৃদ্ধি হোৱা বিদেশী বিনিয়োগকাৰী আজি অসমলৈ নহা হোৱা এই সন্দৰ্ভতো সেনাধক্ষ্য গৰাকীৰ মতামত জানিব বিচাৰে।

আনহাতে জুবিন গাৰ্গে মদ,ভাং খাবলৈ এৰক বুলি পৰেশ বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে কৰাৰ মন্তব্যৰ উত্তৰত কন্ঠশিল্পী কলিতাই কয় " উপদেশত কৈ আৰ্হি ভাল,আপুনি নিৰীহক হত্যা কৰিবলৈ এৰক কাৰণ হত্যাকাণ্ড মদ,ভাংতকৈ আৰু বেছি ভয়ানক"।

লগতে শিল্পী গৰাকীয়ে  আহ্বান জনায় কয় "জ্যোতি-বিষ্ণু-ভূপেনদাইয়ো অসমৰ বাবে বিপ্লৱ কৰিছিল কিন্তু তেওঁলোকৰ বিপ্লবত অসম উজ্বলি উঠিছিল।বিষ্ণুপ্ৰসাদ ৰাভাইয়ো হাতত অস্ত্ৰ লৈছিল কিন্তু আপোনাৰ দৰে তেজৰ নৈ আৰু চকুলোৰ বন্যা বোৱাই দিয়া নাছিল। এই প্ৰসংগতে তেওঁ আহ্বান জনায় পুনৰ কয় "বৃহৎ অসমীয়াৰ জাতিৰ স্বাৰ্থত আনৰ দেশত খোপনি লৈ থকাতকৈ নিজৰ মাটিলৈ উভতি আহক। অহিংস প্ৰথাৰে জ্যোতি-বিষ্ণু-ভূপেনদাৰ দৰে সকলোৱে মিলি সংগ্রাম কৰিম।শিল্পী সকলেও আপোনাৰ এই বিপ্লৱক গান আৰু প্ৰাণেৰে সহায় কৰিম।শেষত তেওঁ শিল্পী,সাংবাদিক আৰু বুদ্ধিজীৱী সকলক পুনৰ ভাবুকি প্ৰদান নকৰিবলৈও আহ্বান জনায়।

Your Comments