নিউজ ডেস্ক :
মাৰাথান গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ বিজয় অসমক তিনিচুকীয়াৰ ডাঙৰিত মঙ্গলবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত আজি সদস্য জনক গুৱাহাটীৰ লতাশিল থানালৈ অনা হয়। উল্লেখ্য যে জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণত বৰ্তমান লতাশিল আৰক্ষীৰ জিন্মাত থকা এই বিজয় অসমেই মটৰ চাইকেলৰ পৰা গ্ৰেণেডটো নিক্ষেপ কৰিছিল বুলি ইতিমধ্যেই আৰক্ষী সূত্ৰই নিশ্চিত কৰিছে। জানিব পৰা মতে
বৰ্তমান লতাশিল থানাত আলফা নেতা বিজয় অসমক আৰক্ষীৰ জ্যেষ্ঠ বিষয়া সকলে সোধ-পোছ অব্যাহত ৰাখিছে। আজি বিয়লি ভাগতহে আদালতত হাজিৰ কৰোৱা হ'ব আলফা নেতা গৰাকীক।
ইফালে এই ঘটনাৰ সৈতে জড়িত পাছজনক ইতিপূৰ্বেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
- Log in to post comments
- 48 views