নিউজ ডেস্ক:
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি,অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনসমূহৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই প্ৰথম স্থান;হাজো পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী মনীষা মালাকাৰ, ডিব্ৰুগড়ৰ বি এল বেৰীয়া সৰস্বতী শিশু মন্দিৰৰ অনিৰ্বাণ দত্ত আৰু টিহু শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ দ্বীপজ্যোতি শৰ্মা-এই তিনি গৰাকী ছাত্ৰ- ছাত্ৰীয়ে দশম স্থান লাভ কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।
অহা ২২ মে'ত পুৱা ১০ বজাৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিশু শিক্ষা সমিতি, অসমৰ তৰফৰ পৰা এই মেধাৱী ছাত্ৰ- ছাত্ৰীসকলক যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা, ২০১৯ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে এশ শতাংশ উৰ্ত্তীণ হোৱা শিশু শিক্ষা সমিতিৰ অন্তৰ্গত নিকেতসমূহৰ প্ৰধান আচাৰ্য - আচাৰ্যাসকলকো অভিনন্দন তথা সম্বৰ্ধনা জনোৱা হ'ব বুলি শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই জনাইছে।
- Log in to post comments
- 54 views