উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কেনেদৰে সহজে চাব পাৰিব, জানিবলৈ ক্লিক কৰক -

hs

নিউজ ডেস্ক : 

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অহা ২৫মে'ত ঘোষণা কৰা হ'ব  উচ্চতৰ মাধ্যমিকৰ ২০১৯বর্ষৰ চূড়ান্ত ফলাফল।পৰীক্ষা শেষ হোৱাৰ ৭১ দিনৰ ভিতৰত এইবাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।ইতিমধ্যে এই কথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে।

উল্লেখ যে ২৫ মে'ৰ পুৱা ৯বজাত ঘোষণা কৰিব লগা ফলাফল প্ৰতি গৰাকীৰ পৰীক্ষাৰ্থীয়ে যাতে সহজতে লাভ কৰিব পাৰে তাৰ বাবে  অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল ঘোষণাৰ বাবে নিৰ্দিষ্ট কৰিছে ১৩ টাকৈ ৱেবচাইটৰ। ছাত্ৰ-ছাত্ৰীয়ে উক্ত দিনটোত সহজতে নিজৰ ফলাফল লাভ কৰিব পৰা ৱেবচাইট কেইটা হৈছে - hsinfo.in, ahsec.nic.in, indiaresults.com, knowyourresult.com  , examresults.net, results.shiksha, exametc.com, schools9.com, assamresults.in, iresults.net, eduassam.com, assam.shiksha, assamonline.in ত উপলব্ধ হব পৰীক্ষাৰ ফলাফল ।ইয়াৰ উপৰিও Via app নামৰ এটা  মোবাইল এপৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীয়ে ফলাফল লাভ কৰিব পাৰিব। তাৰ বাবে গুগোল প্লে' স্তৰৰ পৰা নিৰ্দিষ্ট এপতো নিজৰ মোবাইলত ডাউনলোড কৰি পৰীক্ষাৰ এডমিতত থকা ৰেজিছট্ৰেচন নম্বৰ আৰু নিজৰ ৰোল নম্বৰ টাইপ কৰি লাভ কৰিব পাৰিব  ফলাফল।hs2

উল্লেখ যে এইবাৰ ৰাজ্যৰ মুঠ ২,৪২,৮৪৩ গৰাকীৰ পৰীক্ষাথীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীন হৈছে। ইয়াৰ ১,৮৬,১৮৭ গৰাকী কলা শাখাত, ৩৭,৪৫৫ গৰাকী বিজ্ঞান শাখাত ,১৮,২৯১ গৰাকী বাণিজ্যিক শাখাত আৰু ৯১০গৰাকী কাৰিকৰী শাখাত অৱৰ্তীন হৈছে।একেদৰে এইবাৰ পৰীক্ষা মুঠ ৭৭২টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল।আৰু পৰীক্ষাৰ বহী সমূহৰ মূল্যাংকন ৪৮ টা জ'নত সম্পূৰ্ণ কৰা হৈছিল।

Your Comments