বিশিষ্ট শিল্পী খগেন গগৈক  'ক্ৰান্তিকাল সন্মান-২০১৯' প্ৰদান

aw

অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশন আৰু শিৱকান্ত-ক্ৰান্তিকাল ন্যাসৰ উদ্যোগত দেওবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়স্থিত ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত 'ক্ৰান্তিকাল সন্মান-২০১৯'  প্ৰদান আৰু 'নিবেদন স্বজন- চিন্তা'ৰ উন্মোচনী সভা অনুষ্ঠিত হয় । বিশিষ্ট শিক্ষাবিদ ডঃ টাবু টাইড, লোক-সংস্কৃতি আৰু ভাষা গৱেষক ডঃ উপেন ৰাভা হাকাচাম,বিশিষ্ট কবি আনিছ উজ জামান,জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ আৰু বিশিষ্ট লেখক ডঃ বসন্ত ডেকা মুখ্য অতিথিৰূপে উপস্থিত থকা সভাখনত টাবু টাইডৰ পৌৰোহিত্যত বিশিষ্ট লোকসংগীতৰ সাধক খগেন গগৈক 'ক্ৰান্তিকাল সন্মান-২০১৯' প্ৰদান কৰে ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাশ কুমাৰ ৰাজখোৱাই ।  

 

এই সন্মান গ্ৰহণ কৰি আবেগিক হৈ পৰা গগৈয়ে ভাষন প্ৰসংগত স্মৃতিকাতৰ হৈ কয়--শিৱসাগৰ সোণাৰিৰ পৰা ১৯৮০ চনত টোকাৰী আৰু এটা ঢোল লৈ গুৱাহাটীলৈ আহিছিলোঁ আন কাম নাপালে তাকে বজাই খাম বুলি । ভাগ্যক্ৰমে আনন্দ চন্দ্ৰ ভাগৱতী ছাৰৰ কৃপাত চাকৰি এটাও পালোঁ আৰু সংস্কৃতি চৰ্চাও তেখেতৰ প্ৰেৰণাত আগবঢ়াই নিব পাৰিলোঁ । আজি মোলৈ আগবঢ়োৱা 'ক্ৰান্তিকাল সন্মান-২০১৯' আচলতে মই পোৱা নাই । অসমীয়া লোকসংগীতলৈহে প্ৰকৃততে আগবঢ়োৱা সন্মান ।আমাৰ লোকসংগীতক যদি বিশুদ্ধভাৱে পৰিৱেশন কৰিব পৰা যায়,তেন্তে বাহিৰৰ মানুহেও ইয়াক আদৰি লয় । অসমীয়া লোকসংগীত সদায় অসমীয়া হৈ থাকক।

 

ইয়াৰ পিছতেই ক্ৰান্তিকাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত অৰিন্দম বৰকটকীৰ লগতে সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, কৈলাশ কুমাৰ ৰাজখোৱা, চন্দন গোস্বামী,হেমন্ত কুমাৰ শইকীয়া আৰু হেমন্ত কুমাৰ বৰা সম্পাদিত 'নিবেদন স্বজন-চিন্তা'ৰ খিলঞ্জীয়া বিশেষ সংখ্যাটি উন্মোচন কৰে ডঃ বসন্ত ডেকাই । ভাষণ প্ৰসংগত তেওঁ কয়-- খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা সাম্প্ৰতিক পৰিৱেশত নিবেদনে খিলঞ্জীয়া বিষয়ক সংখ্যাটো প্ৰকাশ কৰি গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিছে । বিদেশত বিশ্ববিদ্যালয়সমূহত বিজ্ঞানসন্মত বা জাতি-জনগোষ্ঠীৰ সংকট সম্পৰ্কীয় আলোচনা-বিলোচনা কৰাৰ অন্তত তাৰ সমাধানৰ পথ উদ্ভাৱনৰ চেষ্টা কৰা দেখা যায় । অসমৰ বিশ্ববিদ্যালয়সমূহৰ এইক্ষেত্ৰত যথেষ্ট কৰণীয় আছে বুলি উল্লেখ কৰি আজি ক্ৰান্তিকাল সন্মান প্ৰাপক খগেন গগৈৰ গীতসমূহে খিলঞ্জীয়াৰ পৰিচয় বহন কৰে বুলি  ডঃ বসন্ত ডেকাই কয় ।

a9

উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা শতাধিক ব্যক্তিৰ উপস্থিতিত ডঃ উপেন ৰাভা হাকাচামে খুহুতীয়া ভাষাৰে লোকভাষিক সংস্কৃতিৰ সন্দৰ্ভত চিন্তনীয় বিষয়ৰ আলোকপাতেৰে শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰে । ডঃ সদানন্দ পায়েঙৰ দ্বাৰা পৰিৱেশিত মিচিং লোকসংগীত,নিবেদনৰ হৈ ৰত্না ভড়ালী তালুকদাৰৰ বক্তব্যই সৌষ্ঠৱ বৃদ্ধি কৰা অনুষ্ঠানটোৰ আঁত ধৰে ডঃ অজিত ভড়ালীয়ে ।

Your Comments