শিৱসাগৰত দৃষ্টিহীনৰ সা-সঁজুলি বিতৰণৰ চিনাক্তকৰণ আৰু পঞ্জীয়ন শিবিৰ 

sb

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

 

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ গিৰীন্দ্ৰনাথ গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত দেওবাৰে উজনি অসম দৃষ্টিহীন ছাত্র সন্থাৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসন,জিলা স্বাস্থ্য সমিতি আৰু জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ সহযোগত 'এলিমক' ইণ্ডিয়া'ই  উজনি অসমৰ দৃষ্টিহীনসকলৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি (স্মাৰ্ট ফোন/ স্মাৰ্ট কেন) বিতৰণৰ চিনাক্তকৰণ আৰু পঞ্জীয়নৰ এক শিবিৰ অনুষ্ঠিত কৰে।

 

উক্ত শিবিৰ বন্তি প্ৰজ্জ্বলনেৰে উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে।অনুষ্ঠানত শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰিপুণ বৰপূজাৰী, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, মেট্ৰন যুতিকা গগৈ, উজনি অসম দৃষ্টিহীন ছাত্র সন্থাৰ সম্পাদক গোবিন্দ সোনাৰ লগতে জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। 

sib

শিবিৰত প্ৰায় ডেৰশ লোকক পৰীক্ষা কৰা হয়। পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া আন এক শিবিৰত সা-সঁজুলিসমূহ বিতৰণ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

Your Comments