লংকাৰ কাকীত ধৰ্মৰ নামত গোড়ামি:গাহৰি আৰু কুকুৰা পালনৰ বাবেই সমাজে এঘৰীয়া কৰিলে দুটা পৰিয়ালক

rr

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

 

দিনকদিনে  অসমীয়া সমাজত বৃদ্ধি পাবলৈ ধৰিছে ধৰ্মৰ নামত গোড়ামি |ধৰ্মৰ অজুহাত দেখুৱাই সমাজৰ  কিছু ন্যস্ত স্বাৰ্থৰ উচ্চপদস্থ লোকে মইমতালিকৈ সাজি উলিয়াইছে কিছু অযথা নীতি -নিয়ম।ফলত নিজৰ গাঁও,সমাজ তথা বংশ-কুটুুম্বৰ মাজতেই সৃষ্টি কৰাইছে  বিভাজনৰ।আনকি দুবেলা- দুমুঠি খাই জীয়াই থকা উপাৰ্জনৰ পথকো ধৰ্ম তথা সমাজৰ বিৰোধী বুলি ৰাইজৰ আগত প্ৰচাৰ কৰি সমাজৰ লগত উঠা-বহাৰ পৰা বঞ্চিত কৰা পৰিলক্ষিত হৈছে গাঁৱৰ দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালক। তেনে এক আজৱ ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ কাকীত।

hh

নিজৰ উপাৰ্জনৰ পথ গাহৰি আৰু কুকুৰা পোহাৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই সমাজৰ পৰা এঘৰীয়া কৰা পত্ৰ প্ৰেৰণ কৰিলে কাকীৰ দুৰ্ভগীয়া দুটি দৰিদ্ৰ পৰিয়াললৈ। হয়,যিটো সময়ত ৰাজ্যজুৰি ডাঙৰ সমস্যাৰূপে থিয় দিছে নিবনুৱা সমস্যাই, তেনে সময়তেই কাকীৰ দুই যুৱকে শিক্ষিত হৈও কৰ্মসংস্থানৰ বাবে আনৰ ওপৰত আশা নকৰি  স্বাধীনভাৱে ঘৰতে উপাৰ্জনৰ পথ হিচাপে বাচি লৈছিল কুকুৰা আৰু গাহৰি পালনক।

kk

কিন্তু সেই উপাৰ্জনৰ পথতেই লাগিল কেনা।গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা দুৰ্ভগীয়া পৰিয়াল দুটালৈ আহিল  সমাজৰ পৰা এঘৰীয়া কৰাৰ একোখনকৈ পত্ৰ।পৱিত্ৰ স্থান নামঘৰ,গাঁৱৰ বিয়া-সভা,আনকি ওচৰ -চুবুৰীয়া লোকৰ ঘৰলৈ অহা-যোৱাৰ ক্ষেত্ৰত বাধা দিয়া হ'ল উক্ত দুটা পৰিয়ালক ।ফলত  দুৰ্ভগীয়া  পৰিয়াল দুটাই বৰ্তমান সমাজৰ পৰা এঘৰীয়া হৈ জীৱন কটোৱা পৰিলক্ষিত হৈছে।

Your Comments