গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে কোনো প্ৰকাৰেৰে জড়িত নহয় আলোচনাপন্থী আলফা-অনুপ চেতিয়া

asn

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে কোনো প্ৰকাৰেৰে জড়িত নহয় আলোচনাপন্থী আলফা।প্ৰাণময় ৰাজগুৰু আলফা নহয়,প্ৰাণময়  ৰাজগুৰু আলফাৰ প্ৰাথমিক সদস্যও নহয়।শনিবাৰে উত্তৰ গুৱাহাটীৰ উদিত লক্ষ্মী বিবাহ ভৱনত আয়োজিত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ কেন্দ্ৰীয় অধিৱেশনত এই মন্তব্য কৰে আলফাৰ সম্পাদক অনুপ চেতিয়াই।ইফালে দুই কেন্দ্ৰীয় নেতা ক্ৰমে অনুপ চেতিয়া আৰু মৃণাল হাজৰিকাই বিপৰীত ভাষ্য প্ৰদান কৰে।

 

আলফাৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ উপদেষ্টা অনুপ চেতিয়াই কয়- মই আত্মসমৰ্পণ কৰাৰ  পিছত কোনো প্ৰাক্তন আলফাই আইন  হাতত তুলি লোৱা নাই।প্ৰাণময় ৰাজগুৰু আলফাও নহয় ,সদস্যভুক্ত কৰি  দলত অন্তৰ্ভুক্ত কৰা সদস্যও নহয়।২০০৪ চনত প্ৰৱাল নেওগ,মৃণাল হাজৰিকাহ'তে চিজ ফায়াৰ গ্ৰুপ হিচাপে ওলাই আহিছিল।আত্মসমৰ্পণৰ পিছত তেওঁলোকে সংযোগ কৰি লৈছিল।সংযোগ কৰা মানে দলত যোগদান কৰা নুবুজায়।তেওঁ আমাৰ সমৰ্থক হিচাপে সহায় কৰিছিল,সেইটো আমি অগ্ৰাহ্য নকৰোঁ। কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ আলোচনা ওলমি থকা বুলি নকওঁ। নিৰ্বাচনৰ সময়ত মধ্যস্থতাকাৰী গুৱাহাটীলৈ আহি আমাক লগ কৰি আমাক নিৰ্বাচনৰ পিছত নতুন চৰকাৰলৈ অপেক্ষা কৰিব লাগিব বুলি কৈছে । চৰকাৰ পৰিৱৰ্তন হ'লে মধ্যস্থতাকাৰীৰো  পৰিৱৰ্তন হ'ব ।গতিকে নতুন চৰকাৰলৈ আমি অপেক্ষা কৰিব লাগিব।আলফাই ৰাজনীতিত প্ৰৱেশ কৰিব নেকি সোধা প্ৰশ্নৰ উত্তৰত চেতিয়াই কয় যে এতিয়ালৈ সেই কথা ভবা নাই । যিসকলে ৰাজনীতিত প্ৰৱেশ কৰিছে,তেওঁলোককো ওলাই আহিবলৈ কোৱা হৈছে।

 

আনহাতে,মৃণাল হাজৰিকাই কয়- প্ৰাণময় ৰাজগুৰু আলফা হয়, কিন্তু প্ৰাণময়ৰ দৰে আনসকল আলফা এনে কাৰ্যৰ পৰা বিৰত থাকিব লাগে শ।কেন্দ্ৰ-ৰাজ্যৰ সংঘাত আলোচনাৰ জৰিয়তে সন্মানীয়ভাৱে সমাধান নহ'লে সকলোৰে বাবে বেয়া হ'ব বুলি উল্লেখ কৰে মৃণাল হাজৰিকাই।আলফা-চৰকাৰৰ আলোচনা স্থবিৰ হৈ পৰিছে বুলি মন্তব্য কৰে আলফাৰ কেন্দ্ৰীয় নেতা মৃণাল হাজৰিকাই । জাহ্ণৱী শইকীয়াক আমি চিনি নাপাও,কিন্তু প্ৰাণময় ৰাজগুৰুক আমি চিজ ফায়াৰৰ পিছত লৈছিলো ।মাজতে আমাৰ লগত কোনো যোগাযোগ নাছিল ।শেহতীয়া ঘটনাত কিধৰণেৰে জড়িত তদন্তত নিশ্চয় ওলাব-হাজৰিকাই কয়। আলোচনাপন্থী আলফাৰ প্ৰায় সাত শতাধিক সদস্যই ভাগ লোৱা অধিৱেশনত ভংগ কৰা হয় পুৰণি কমিটী ।

 

একাৱন্ন জনীয়া নবনিৰ্বাচিত কমিটীৰ সভাপতি সুনীল নাথ ওৰফে সিদ্ধাৰ্থ ফুকন,সাধাৰণ সম্পাদক ধ্ৰুৱ সন্দিকৈ আৰু কাৰ্যকৰী সভাপতি লোহিত দেউৰী। ছহিদ তৰ্পণ পতাকা উত্তোলন তথা গীত-নৃত্য আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়  বাৰ্ষিক অধিৱেশনখনত। অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ ভাষণেৰে সংগ্ৰামী স্মৃতি ৰোমন্থন কৰে অধিবক্তা নেকিবুৰ জামানে।ভাষণত জামানে উনুকিয়াই দিলে  আলফাৰ ভুলৰ কথা।ভাষণ প্ৰসংগত জামানে অগপকো কঠোৰ ভাষাৰে সমালোচনা কৰে ।

Your Comments