ছহিদ বেদীত ক'লা ৰং,আছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা 

AASU

 বঙাইগাঁওঃ

চিৰাং জিলাৰ বাসুগাঁওস্থিত বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ ছহিদ বেদী আৰু নামফলত দুস্কৃতিকাৰীয়ে ক'লা ৰং সনা ঘটনাৰ পাঁচ দিন উকলি যোৱাৰ পিচতো আজিলৈকে চিৰাং জিলা প্ৰশাসনে দোষীক কৰায়ত্ত কৰিব নোৱাৰাত চিৰাং জিলা ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে প্ৰশাসনৰ চৰম ব্যৰ্থতাকে উদঙাই দিয়া বুলি মন্তব্য কৰিছে ৷ লগতে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত চিৰাং জিলা ছাত্ৰ সন্থাই এলানি আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ৷

শনিবাৰে বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত চিৰাং জিলা আছুৰ নেতৃত্বই এই কথা জানিবলৈ দিয়ে ৷ সংবাদ মেলত চিৰাং জিলা আছুৰ সভাপতি ৰূপক কুমাৰ দাসে কয় যে  ঘটনা সংঘটিত হৈ যোৱাৰ পাঁচটা দিন উকলি যোৱাৰ পিচতো প্ৰশাসনে দোষীক কৰায়ত্ত কৰিব পৰা নাই ৷ গতিকে বাসুগাঁৱৰ ঘটনাক যদি প্ৰশাসনে অৱহেলা কৰে, তেতিয়াহ'লে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা আছুৰ কাৰ্যালয়তো এনে ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে ৷ তাৰ বাবে কিন্তু চিৰাং জিলা প্ৰশাসনেই দায়ী হ'ব বুলিও কয় ৷

আনহাতে এন আৰ চি সম্পৰ্কত আছুৰ তৰফৰ পৰা আপত্তি দাখিল কৰাসকলৰ একাংশৰ বিৰুদ্ধে বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি চিৰাং জিলা আছুৰ সভাপতিগৰাকীয়ে কয় যে আছুৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত একাংশই ধমকি দিছে, গালি পাৰিছে, ছাত্ৰ সন্থাৰ পৰিয়ালক ভাবুকি প্ৰদান কৰিছে ৷ এইসকলৰ ভিতৰত বাসুগাঁৱৰ বাবু সাহা আদিও আছে বুলি কয় ৷ অৱশ্যে এইসকলক প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছিল যদিও থানাৰ পৰাই বেইলত এৰি দিছে ৷ প্ৰশাসনে ইচ্ছা কৰিলে এইসকলক আদালতত হাজিৰ কৰিব পাৰিলেহেতেন যদিও ইয়াত অসম চৰকাৰৰ যি প্ৰশাসন ব্যৱস্থা আছে সেই প্ৰশাসন ব্যৱস্থাত অৱহেলা থকা বুলি আমি উপলব্ধি কৰিছো ৷ কাৰণ আদালতত হাজিৰ নকৰাকৈয়ে থানাৰ পৰাই বেইলত এৰি দিয়া হ'ল ৷

গতিকে ইয়াত নিশ্চয় এটা ৰাজনৈতিক শক্তি জড়িত আছে বুলি আমাৰ সন্দেহ হৈছে ৷ তাৰোপৰি যিদিনাখন নিশাৰ ভাগত আছুৰ কাৰ্যালয়ৰ ছহিদ বেদী আৰু নামফলকত ক'লা ৰং সনাৰ দুস্কাৰ্য সংঘটিত হৈছিল, সেই দিনাই অৰ্থাৎ ১২ মে'ৰ দিনৰ ভাগত বাপ্পা দত্তৰ নেতৃত্বত বাসুগাঁৱত এন আৰ চি সম্পৰ্কত এখন সভা আহ্বান কৰিছিল আৰু ইয়াৰ আঁৰত থকা ব্যক্তিজন আছিল উত্তম সাহা ৷ যিজন ব্যক্তিক ইতিমধ্যে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছে ৷ তৎস্বতেও কিন্তু এন আৰ চিৰ যিখন খচৰা তাত সেই ব্যক্তিজনৰ নাম আহিছিল ৷ যাৰ বাবে আমি আছুৰ তৰফৰ পৰা আপত্তি দাখিল কৰিছো আৰু এই আপত্তি দাখিলকাৰীক বিভিন্ন ধৰণৰ ভাবুকি দি আছে বুলিও অভিযোগ কৰে ৷ লগতে এনে ঘটনাবোৰত নিশ্চয় এনে ব্যক্তি জড়িত আছে বুলিও কয় ৷

আনহাতে বাসুগাঁৱৰ ঘটনাৰ পিচতে বাপ্পা দত্ত পলাতক অৱস্থাত আছে বুলি উল্লেখ কৰি যদি ঘটনাৰ লগত জড়িত নহয় তেন্তে কিয় পলাই ফুৰিছে বা ভয় কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে প্ৰশাসনে বাপ্পা দত্তক বিচাৰি উলিয়াব পাৰিব লাগিছিল বুলি কৈ এই ক্ষেত্ৰত প্ৰশাসনে গা এৰি দিছি বুলিও অভিযোগ কৰে ৷ গতিকে বাসুগাঁও কাণ্ডৰ দৰে যদি প্ৰশাসনে অৱহেলা কৰে, তেতিয়াহ'লে বাসুগাঁও কাণ্ডৰ দৰে অসমৰ বিভিন্ন ঠাইত থকা আছুৰ কাৰ্যালয়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু তাৰ বাবে চিৰাং জিলা প্ৰশাসন সম্পূৰ্ণৰূপে দায়ী হ'ব বুলিও কয় ৷

একেদৰে অসম চৰকাৰো দায়ী হ'ব বুলি কৈ জিলা আছুৰ সভাপতিগৰাকীয়ে কয় যে কাৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়াও এই ঘটনাক গৰিহণা দিয়া নাই ৷ কিয় গৰিহণা দিয়া নাই তাত আমাৰ সন্দেহ হৈছে আৰু এইদৰে যদি দোষীক কৰায়ত্ত কৰাৰ পৰা বিৰত থাকে তেতিয়াহ'লে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য বুলিও কয় ৷ ইপিনে সংবাদ মেলত উপস্থিত থকা আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পাৰ্থজিৎ ৰায়ে বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ৰ নামফলকৰ লগতে অসম আন্দোলনৰ ৮৫৫ গৰাকী ছহিদৰ স্মৃতিত যি ছহিদ বেদী বনোৱা হৈছিল সেই বেদীত ক'লা ৰং সানি অসমীয়া জাতি আৰু ছহিদক যি অপমান কৰিলে সেই দুস্কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ৷

আনহাতে এই ঘটনা সংঘটিত হোৱা পাঁচটা দিন উকলি গ'ল যদিও বৰ্তমানলৈকে চিৰাং জিলা প্ৰশাসনে দুৰ্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰাতো অসম চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা বুলি কয় ৷ লগতে দুৰ্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰাৰ আঁৰত কি ৰহস্য লুকাই আছে সেই সন্দৰ্ভত গৃহমন্ত্ৰীৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এটা তদন্ত ঘোষণা হ'ব লাগে বুলি কয় ৷ তাৰোপৰি কিছুমান ৰাজনৈতিক নেতাৰ ছত্ৰ ছায়াত কিছুমান ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷ সংবাদ মেলত ছাত্ৰ নেতাগৰাকীয়ে  পলাতক অৱস্থাত থকা বাপ্পা দত্তকৰ লগতে ঘটনাৰ লগত জড়িতসকলক আজিলৈকে কিয় চিৰাং জিলাৰ বিয়াগোম প্ৰশাসনে কৰায়ত্ত কৰিব পৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে

 সেইদৰে ঘটনাৰ দিনা দিনৰ ভাগত বাসুগাঁৱত অনুষ্ঠিত সভাখনতে বিভিন্ন উচতনিমূলক কাৰ্য কলাপ হৈছিল বুলি খবৰ লাভ কৰাৰ পিচত বিষয়তো জিলা প্ৰশাসনক জনাইছিল যদিও জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ কাৰণেই আছুৰ বাসুগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ত সেইসকল দুৰ্বৃত্তই  দুস্কাৰ্য সংঘটিত কৰিবলৈ সুযোগ পালে বুলি কয় ৷ গতিকে জিলা প্ৰশাসনৰ সম্পূৰ্ণ ব্যৰ্থতা আছে বুলিও কয় ৷ সংবাদ মেলত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকগৰাকীয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে জাতি, মাটি,ভেঁটিৰ কথা কৈ ৰাজপাট দখল কৰা তথা গৃহ বিভাগৰো দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছুৰ প্ৰাক্তন সভাপতি হোৱাৰ পিচতো কিন্তু আছুৰ কাৰ্যালয়ত সংঘটিত দুস্কাৰ্য সন্দৰ্ভত তেওঁ কোনো ভূমিকা গ্ৰহণ কৰা দেখিবলৈ নাপালো ৷ সেয়ে আমি এই ক্ষেত্ৰত চিৰাং জিলা আছুৰ তৰফৰ পৰা গৰিহণা দিছো ৷

সংবাদ মেলত আছু নেতাগৰাকীয়ে বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ত দুস্কাৰ্য সংঘটিত কৰা দুৰ্বৃত্তক পাঁচ দিন উকলি যোৱাৰ পিচতো চিৰাং জিলা প্ৰশাসনে কৰায়ত্ত কৰিব নোৱাৰাত দুৰ্বৃত্তক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবীত চিৰাং জিলা আছুৰ তৰফৰ পৰা এলানি আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে ৷ ঘোষিত আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ২১ মে'ত চিৰাং জিলাৰ বাসুগাঁৱত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ ইয়াৰ পিচত অহা ২৭ মে'ত জিলা সদৰত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ২৮ মে'ত চিৰাং জিলা আছুৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিয়ে দহ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰিব ৷ ইয়াৰ পৰৱৰ্তী সময়ত পথ অৱৰোধ কাৰ্যসূচীকে ধৰি বিভিন্ন ধৰণৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ৷

 ইপিনে বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ত সংঘটিত দুস্কাৰ্যৰ পিচতে চিৰাং জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন শান্তি সভা আহ্বান কৰা হৈছিল আৰু সভাত আছুৰ তৰফৰ পৰা বক্তব্য উপস্থাপন কৰা হৈছিল আৰু অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰা হৈছিল বুলিও আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে কয় ৷  কিন্তু পাঁঁচ দিন উকলি যোৱাৰ পিচতো আমি দোষীক কৰায়ত্ত কৰা দেখিবলৈ নাপালো ৷ সেয়ে আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰো ৷ উল্লেখ্য যে সংবাদ মেলত মন্ত্ৰী চনন্দন ব্ৰহ্মৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন কৰাত আছু নেতাগৰাকীয়ে কয় যে শান্তি সভাতে মন্ত্ৰীগৰাকীয়ে বিভিন্ন দল - সংগঠনক লগত লৈ ছহিদ বেদী আৰু নামফলকত দুৰ্বৃত্তই সনা ক'লা ৰং মচিব বিচাৰিছিল ৷  কিন্তু আছুৰ কৰ্ম কৰ্তাসকলে বাধা দিয়াৰ কাৰণে মচিব নোৱাৰিলে ৷ গতিকে এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ যি ভূমিকা সেয়া সন্দেহৰ আৱৰ্তত ৷

সেইদৰে এই ঘটনাটো এন আৰ চিৰ বিষয়টোকলৈ উদ্ভৱ হোৱা বুলি মন্তব্য কৰি আছু নেতাগৰাকীয়ে কয় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ তদাৰকত এন আৰ চিৰ কাম চলি আছে আৰু আছুৰ কৰ্মকৰ্তাসকলৰ লগতে যিসকল শুভাকাংশীয়ে আপত্তি দাখিল কৰিছিল সেই আপত্তি দাখিলকলৈ একাংশ দুস্কৃতিকাৰীয়ে আছু কৰ্মীসকলক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিছে ৷ আছুকৰ্মীৰ ঘৰত গৈ ভাবুকি প্ৰদান কৰিছে আৰু এই সম্পৰ্কত জিলা প্ৰশাসনক অৱগত কৰাৰ পিচতো কিন্তু ভাবুকি প্ৰদান কৰা ব্যক্তিসকলক আটক কৰি দৃষ্টান্তমূলক শাস্তি দিব পৰা নাই ৷ এই ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷

সেয়ে যদিহে প্ৰশাসনে এনে দুস্কাৰ্যৰ লগত জড়িতসকলক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ৷ লগতে ইয়াৰ ফলত উদ্ভৱ হ'ব পৰা যি কোনো পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন তথা গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দায়ী হ'ব বুলিও স্পষ্ট কৰি দিয়ে ৷ সংবাদ মেলত চিৰাং জিলা আছুৰ উপ সভাপতি , বিজনী আঞ্চলিক আছুৰ সাধাৰণ সম্পাক আদিও উপস্থিত থাকে ৷

Your Comments