ইফটাৰৰ সামগ্ৰী যোগাৰ কৰি দি সম্প্ৰিতীৰ বাণী বিলালে বেহাৰবাৰী আউটপোষ্ট খ্যাত কে কে আৰু মোহনে

kk mohan

শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

বেহাৰবাৰী আউটপোষ্টৰ কে কে আৰু মোহনক কোনে চিনি নাপায়। আজিকালি চাৰিবছৰীয়া শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈকে কে কে মোহনৰ নাম। অসমীয়া ধাৰাবাহিকক অন্যান্য মাত্ৰ প্ৰদান কৰা বেহাৰবাৰী আউটপোষ্টৰ বিশেষ দুই চৰিত্ৰত অভিনয় কৰা এই দুই অভিনেতাই শিৱসাগৰত বিলালে সম্প্ৰিতীৰ বাণী। 
শনিবাৰে শিৱসাগৰৰ ডিমৌত এক অনুষ্ঠা পৰিবেশন কৰিবলৈ আহিছিল বেহাৰবাৰী আউটপোষ্ট খ্যাত কে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা আৰু মোহন অৰ্থাৎ দ্বীপজ্যোতি কেউট। তেওঁলোকৰ লগত আছিল দুই বন্ধু চাহিদ আৰু ইভেন্ট মেনেজাৰ উৎপল শৰ্মা। তেওঁলোক সন্ধিয়া প্ৰায় ৫.৩০ বজাত শিৱসাগৰৰ এখন হোটেলত  উপস্থিত হয়হি। লগে লগে কে কে আৰু মোহনে হোটেলৰ ৰান্ধনি শাললৈ যায় আৰু বন্ধু চাহিদৰ  বাবে ইফটাৰৰ সামগ্ৰী প্ৰস্তুত কৰে আৰু ঠিক ৫.৫২ বজাত হোটেলৰ ৰুমত চাহিদৰ বাবে ইফটাৰৰ খাদ্য পৰিবেশন কৰে। বন্ধু চাহিদৰ ইফটাৰৰ সহযোগী হৈ ধৰ্মীয় ৰীতিৰে  ৰোজাৰ ব্ৰত ভাঙে। আনহাতে শনিবাৰে কে কে আৰু মোহনে নিৰামিষ খাদ্য গ্ৰহণ কৰে বাবে বন্ধু চাহিদৰ বাবেও ইফটাৰত নিৰামিষ খাদ্যৰ ব্যৱস্থা কৰে। তেওঁলোকৰ লগত ইফটাৰত আনজন বন্ধু উৎপল শৰ্মা আৰু শিৱসাগৰৰ সাংবাদিক বন্ধু  মুস্তাফিজ আহমেদেও সহযোগিতা আগবঢ়ায়। 

ইফটাৰিৰ অন্তত কে কে আৰু মোহনে কলে, "আমি প্ৰথমে অসমীয়া,  তাৰ পাছতহে হিন্দু মুছলমান। এইখন সম্প্ৰিতিৰ অসম। আজি আমি আমাৰ বন্ধুৰ পবিত্ৰ ৰমজান মাহৰ ব্ৰত ভাঙিব পাই নিজকে গৌৰব অনুভৱ কৰিছো আৰু এই পবিত্ৰ মাহটোক সন্মান জনাইছো। অনাগত দিনত অসম এনে দৰেই থাকিব আৰু আমিও এনেদৰেই সম্প্ৰিতিৰ বাণী বিলাই থাকিম"।

Your Comments