হোজাইৰ চৌধুৰী বজাৰত এজন লোকক  গৰম তেলত ডুবাই হত্যাৰ চেষ্টা

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
হোজাই জিলাৰ মোৰাঝাৰৰ চৌধুৰী বজাৰ চামৰআলিত পবিত্ৰ ৰমজানৰ ইফতাৰৰ সামগ্ৰী আনিবলৈ যোৱা এগৰাকী ৰোজাদাৰ ব্যক্তিৰ ওপৰত এদল   এদল গুণ্ডাবাহিনী জপিয়াই পাৰি লোক জনক অমানুষিকভাবে হত্যাৰ শ্রেষ্ঠা চলোৱা এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ হোজাই অঞ্চল। সামান্য কথাতেই কাঠৰ টুকুৰাৰে লোকজনৰ মুৰত মাৰি গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত কৰিওঁ দলটো ক্ষান্ত নাথাকি গৰম তেলৰ কেৰাহিত ডুবাই হত্যাৰ চেষ্টা চলালে পশ্চিম চামৰআলি গাঁৱৰ আব্দু ছহীদ নামৰ লোকজনক। বৃহস্পতি পবিত্ৰ ৰমজানৰ ইফতাৰৰ প্ৰাকক্ষনত সংঘটিত হোৱা এই জঘন্য ঘটনাৰ পিছত চৌদিশে এতিয়া ধিক্কাৰ  আৰু গৰিহণাৰ জোৱাৰ উঠিছে।  চাৰিজনীয়া গুণ্ডাবাহীনিৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ছহীদক হোজাইৰ হাম হস্পিটালত ভৰ্তি কৰোৱা হৈছে যদিও মৃত্যুৰ সৈতে যুঁজি আছে লোকজনে । ঘটনা সন্দৰ্ভত মোৰাঝাৰৰ চৌধুৰী বজাৰ উপ আৰক্ষী চকীত ছামচ উদ্দিন, ছামিম আহমেদ, ৰাজুল আহমেদ, আৰু ছাজিদ আহমেদৰ বিৰুদ্ধে গোচৰ দিয়াৰ ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো অপৰাধীক আটক কৰিব পৰা নাই আৰক্ষীয়ে। ইফালে আপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে কৃষক মুক্তিকে আদি কৰি কেইবাটাও স্হানীয় দল 

Your Comments