নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
আৰ্থিক আৰু সামাজিক কেতবোৰ কাৰণত বিয়াত বহিবলৈ অসমৰ্থ একাংশ লোকক একগোট কৰি সামাজিকভাৱে বিবাহ তথা উপনয়নকাৰ্য সম্পাদন হ'ল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত । বেবেজীয়াৰ সমীপৰ পূৱ জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰত এই বিবাহ তথা উপনয়ন কাৰ্যসূচীত শুক্ৰবাৰৰ পৰাই স্থানীয়লোক সমবেত হৈ এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে । সন্ধ্যা অধিবাসেৰে আৰম্ভ হয় দুদিনীয়া কাৰ্যসূচীৰ । দ্বিতীয়দিনাৰ কাৰ্যসূচী আৰম্ভ হয় শনিবাৰে পুৱা নান্দী শ্ৰাদ্ধৰে । ইয়াৰ পাছতে খোল প্ৰসংগ,কীৰ্ত্তন পাঠ আৰু নাম প্ৰসংগৰ অন্তত দুপৰীয়া ছজন যুৱক ক্ৰমে শান্তিৰাম নাথ,ধনমণি নাথ,বিৰাজ কুমাৰ নাথ,ৰঞ্জন কুমাৰ নাথ,উজ্জ্বল জ্যোতি নাথ আৰু বুল বুল নাথৰ উপনয়ন সম্পন্ন কৰা হয় ।
বিয়লি অঞ্চলৰ পাঁচযোৰা দৰা-কইনা ক্ৰমে শিৱানন্দ নাথৰ সৈতে প্ৰেৰণা দেৱী, উদ্ধৱ নাথৰ সৈতে হেমলতা দেৱী ,দ্বীপজ্যোতি(দিগেন) নাথৰ সৈতে নৱনীতা দেৱী, বিতু মণি নাথৰ সৈতে সাবিত্ৰী দেৱী আৰু শান্তু কুমাৰ নাথৰ সৈতে কুসুম দেৱীয়ে হোম-যজ্ঞৰে যুগ্ম জীৱনৰ পাতনি মেলে । প্ৰায় এমাহযোৰা প্ৰস্তুতিৰ অন্তত জামুগুৰিৰ সাৰ্বজনীন শিৱ মন্দিৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক উপস্থিত হৈ দৰা-কইনাক আৰ্শীবাদ দিবলৈ সমবেত হয় । কালি আৰু আজি উপনয়ন আৰু সমূহীয়া বিবাহৰ সমূহ বৈদিক কাৰ্যসূচী পৰিচালনা কৰে পূজাৰীদ্বয় লীলাম্বৰ নাথ আৰু খগেন নাথে ।
পূব জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল কুমাৰ নাথ আৰু সম্পাদক দীলিপ কুমাৰ নাথৰ নেতৃত্বত উদ্যোক্তাসকলে অতিথি আপ্যায়নকে ধৰি সকলো আয়োজনেই কৰে । বিবিহস্থলীত দৰা-কইনাৰ অভিভাৱক উপস্থিত থাকি "কন্যাদান" কৰে । উল্লেখ যোগ্য যে থান পৰিচালনা সমিতিৰ উদ্যোগত তৃতীয়বাৰৰ বাবে আয়োজিত সমূহীয়া বিবাহ আৰু উপনয়নৰ এনে মহানতাক অঞ্চলৰ ৰাইজে প্ৰশংসা কৰিছে । ইয়াৰ পূৰ্বে ২০১৩ চনত ১৭ খন আৰু ২০১৫ চনত ২২ খন সমূহীয়া বিবাহ সম্পন্ন হৈছিল এই মন্দিৰ প্ৰাংগনত ।
- Log in to post comments
- 74 views