জিতুমনি নাথ,মৰিগাঁও ১৮ মে :
সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলাটো অহা ২৩ মে'ত অনুষ্ঠিত হব লগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া যাতে সুস্থ আৰু শান্তি পূৰ্ণ হয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। আজি এই সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও জিলা উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত কৰে এখন সংবাদমেল। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সংবাদমেলত উপায়ুক্ত বৰাই ভোট গণনা প্ৰক্ৰিয়াটো সুস্থ আৰু শান্তি পূৰ্ণ হয় তাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
উপায়ুক্ত বৰাই কয় - মৰিগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ বাবে মৰিগাঁও মহাবিদ্যালয়ত পুৱা ৮ বজাৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হব। প্ৰতিটো ৰাউণ্ডত ১৪ খনকৈ টেবুলৰ জৰিয়তে ভোট গণনা কৰা হব। ইয়াৰে জাগীৰোড বিধান সভা সমষ্টিৰ ৩১৬ টা ভোট গ্ৰহন কেন্দ্রৰ বাবে ২৩ টা ৰাউণ্ড,মৰিগাঁও বিধান সভা সমষ্টিৰ ২৫৬ টা ভোট গ্ৰহন কেন্দ্রৰ বাবে ১৯ টা ৰাউণ্ড আৰু লাহৰীঘাট বিধান সভা সমষ্টিৰ ২৪০ টা ভোট গ্ৰহন কেন্দ্রৰ বাবে ১৮ টা ৰাউণ্ডৰ জৰিয়তে ফলাফল সমূহ ঘোষনা কৰা হব। তদুপৰি প্ৰতিটো বিধান সভা সমষ্টিত ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা পাছত ৫ টা ভোট গ্ৰহন কেন্দ্রৰ ভি ভি পেট সমূহ গণনা কৰা হব।
সাধাৰণ নাগৰিকৰ মনৰ সন্দেহ আতৰাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা ভি ভি পেট সমূহ গণনা বাবে লটাৰি জৰিয়তে নিৰ্বাচন কৰা হব ভোট গ্ৰহন কেন্দ্র সমূহ। ইফালে ভোট গণনা প্ৰক্ৰিয়াত কাউণ্টিং চুপাৰ ভাইজাৰ ১১১ জন,কাউন্টিং এচিষ্টেন্ট ১১৯ জন আৰু মাইক্ৰ অবজাভাৰ ১০৯ জন নিয়োগ কৰা হব বুলি উল্লেখ কৰে। তদুপৰি ভোট গণনাৰ ফলাফল সমূহ ইন্টাৰনেটৰ "সুবিধা" নামৰ এপচ'ৰ জৰিয়তে উপলব্ধ হব বুলিও অৱগত কৰে। আনহাতে নিৰাপত্তা ক্ষেত্রত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয় -নিৰাপত্তা ক্ষেত্রত কিছু নীতি নিয়ম বান্ধি দিয়া হৈছে।
তিনি তৰপিয়া নিৰাপত্তা ব্যৱস্থা জৰিয়তে ভোট গণনা কেন্দ্রত প্ৰবেশ কৰিব পাৰিব। অনুমতি পত্ৰ অবিহনে কোনো লোক ভোট গণনা কেন্দ্রত প্ৰবেশ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে। ইফালে মৰিগাঁও জিলা আবকাৰী বিষয়া মুছাৰব হুছেইনে কয় ২৩ মে অথ্যাৎ ভোট গণনা দিনা দিনৰ ১১ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ নুঠা পৰ্যন্ত ড্ৰাই ডে পালন কৰিব লাগিব সুৰা ব্যৱসায়ী সকলে। সংবাদমেলত অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,অৰূপ পাঠক,নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাস,মৰিগাঁও ৰাজহ চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতী,জিলা তথ্য সুচনা বিষয়া মনিকা পাঠককে আদি কৰি জিলা প্ৰশাসনৰ বহু কেইজন বিষয়াই অংশ গ্ৰহণ কৰে।
- Log in to post comments
- 40 views