নামৰূপৰ কছাৰীপথাত "ৰংজালি বৈশাগু" উৎসৱ উদযাপন

namrup

নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন :
প্ৰতি বছৰৰ দৰে এই বছৰো বড়ো জনগোষ্ঠীয় লোক সকলৰ হেপাঁহৰ "বৈশাগু উৎসৱ"টি এদিনীয়া কাৰ্যসূচীৰে নামৰূপৰ কছাৰীপথা  গাৱৰ ৰাইজে মিলি শুকুৰবাৰে ৰাজহুৱাভাৱে উৎযাপন কৰে। সংযুক্ত বড়ো গণ মঞ্চ ডিব্ৰুগড় জিলা সমিতি উদ্যোগত ডিব্ৰুগড় জিলা বৈশাগু সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত বৈশাগু উৎসৱৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে ৰংজালী বৈশাগু সমিতিৰ কাৰ্যকৰী সভাপতি পলাশ বড়োৱে।nam

ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে সমিতিৰ বিষয়ববীয়া ৰমেশ বড়োৱে। পুৱা১০ বজাত এই বৈশাগু উৎসৱৰ লগত সংগতি ৰাখি এলানি বৃক্ষ ৰোপন কাৰ্যসূচীৰ ৰূপায়ণ  কৰে স্থানীয় ৰাইজে।ইয়াৰ লগতে বড়ো ভাই-ভণী সকলে বয়োজ্যেষ্ঠ সকলৰ সন্মানৰ্থে সেৱা আৰু সম্বৰ্ধনায়ো জনায়।আবেলি তিনি বজাত বড়ো এটি সমবেত সংগীতেৰে মঞ্চ মুকলি কৰা পিছতে অনুষ্ঠিত হয় বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলৰ নৃত্য ,গীতৰ অনুষ্ঠান।

উল্লেখ্য যে এই অনুষ্ঠানতেই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা জয়পুৰ হাইস্কুলৰ ছাত্ৰ আইজল খাখলাৰীক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে এই অনুষ্ঠানতেই বৈশাগু উৎসৱ উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশ কলি উলিওৱা স্মৃতিগ্ৰন্থ "বৰদৈচিখলা" খনো উন্মোচন কৰে সমাজকৰ্মী প্ৰদীপ বসুমতাৰীয়ে।

উন্মোচনী সভাত অতিথি ৰূপে উপস্থিত থকা শান্তিৰাম বসুমতাৰী,গোবিন্দ বসুমতাৰী,মণিৰাম দৈমাৰীকো সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।নিশালৈ স্থানীয় শিল্পী সকলৰ লগতে আমন্ত্ৰিত শিল্পীৰ গীতৰ শৰাইৰে "বৈশাগু উৎসৱ"টিৰ সামৰণি পৰে।

Your Comments