নখুটি ২নং ছাৰ্থেগাওৰ পৰা সন্ধানহীন ১৪ বছৰীয়া কিশোৰ

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

লামডিং থানাৰ অন্তৰ্গত নখুটি আৰক্ষী চকীৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বৰ নখুটি বজাৰৰ পৰা সন্ধানহীন হৈ আছে ইমৰাণ হুছেইন চৌধুৰী নামৰ এজন  কিশোৰ । জানিব পৰা মতে ২ নং ছাৰ্থেগাওৰ  ফখৰ উদ্দিন চৌধুৰী নামৰ  লোকজনৰ অষ্টমমান শ্ৰেণীত পঢ়ি থকা ইমৰাণ হুছেইন নামৰ ছাত্ৰজন যোৱা   চাৰি দিনৰ পৰা নিখোজ হৈ আছে । বিভিন্ন ঠাইত খবৰ কৰিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই । কোনো সদাসয় লোকে ছাত্ৰ জনৰ সন্ধান পালে  ৮৬৩৮১৫৭৪৬৪/ ৮৬৩৮২৫২০৬৫ নম্বৰত যোগাযোগ কৰিবলৈ আবেদন জনাইছে পৰিয়ালৰ লোকে ।

Your Comments