১৮ মে' গোলাঘাট :
গোলাঘাটৰ কমাৰবন্ধা অঞ্চলত কালি নিশা এখন নৈশ বাছত তালাচী চলাই আৰক্ষীয়ে অস্ত্ৰসহ দুজন নগা লোকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে , গোপন সূত্ৰৰ পম খেদি লাভ কৰা তথ্যৰ ভিত্তিত কালি নিশা ডিমাপুৰৰ পৰা মৰিয়নী দিশে আহি থকা এন এল ১১ ২৭৬৯ নম্বৰৰ বাছ খনত তালাচী চলাই দুটা ২২ পিষ্টল আৰু ৬ জাঁই সজীৱ গুলীসহ লোক দুজনক আটক কৰে। আটকাধীন লোকদুজনৰ উদ্দেশ্য কি আছিল বা তেওঁলোক কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য আছিল নেকি সেই বিষয়ে এতিয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে।
- Log in to post comments
- 2 views