ক্ষমতালৈ অহাৰ পিছত প্ৰথমবাৰৰ বাবে বিজেপিৰ সংবাদমেলত প্ৰধানমন্ত্ৰী মোডী

modi

নিউজ ডেস্ক:
ক্ষমতালৈ অহাৰ পিছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে বিজেপিৰ সংবাদমেলত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি অধ্যক্ষ অমিত শ্বাহৰ বাবে আয়োজিত সংবাদ মেলখনত প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি ক্ষমতালৈ পুনৰ আহিব বুলি উল্লেখ কৰে।বিশ্বৰ বৃহত্তম ভাৰতৰ গণতন্ত্ৰৰ শক্তিক বিশ্বৰ সন্মুখলৈ লৈ যোৱাটো সকলোৰে দায়িত্ব বুলি মোডীয়ে মন্তব্য কৰে।

আনহাতে,অমিত শ্বাহেও বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি ক্ষমতালৈ আহিব বুলি দৃঢ়তাৰে কয়।শ্বাহে কেন্দ্ৰত এনডিএৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰে।শ্বাহে পশ্চিম বংগৰ নিৰ্বাচনী হিংসাৰ বিষয়ে উল্লেখ কৰি কয়-যদি আমাৰ বাবে পশ্চিম বংগত নিৰ্বাচনী হিংসা হৈছে,আমি নিৰ্বাচনত অংশ লোৱা দেশৰ অন্যান্য প্ৰান্তত কিয় নিৰ্বাচনী হিংসা হোৱা নাই ?সংবাদমেলখন অমিত শ্বাহৰ বাবে আয়োজন কৰা হোৱা বাবে প্ৰধানমন্ত্ৰী মোডীয়ে  সাংবাদিকৰ  প্ৰশ্ন গ্ৰহণ নকৰিলে।

Your Comments