হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
প্ৰবল ইচ্ছা শক্তি আৰু একাগ্ৰতা থাকিলে শিক্ষাৰ ক্ষেত্ৰত যে দৰিদ্ৰতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে সেই কথা আখৰে আখৰে প্ৰমাণ কৰি দেখুৱালে লংকাৰ ২ দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীয়ে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শনৰে উজ্বলি উঠিল লংকা নখুটিৰ কল্পনা কেহদী আৰু আব্দুৰ ৰহমান ।অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ দুই মেধাৱী শিক্ষাৰ্থীয়ে আটাইকেইটা বিষয়ত লেটাৰ সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয় |
কল্পনা কেহদীয়ে ৯০ শতাংশ আৰু আব্দুৰ ৰহমানে ৮৭.৫ শতাংশ লাভ কৰি বিদ্যালয় তথা অঞ্চলটোলৈও সুনাম কঢ়িয়াই আনিছে। উল্লেখ্য যে,দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাত কল্পনা মাতৃহাৰা হৈ পৰিছিল ।অন্যহাতে,কল্পনাৰ পিতৃও বৰ্তমান পেৰালাইচিছ ৰোগত আক্ৰান্ত ।ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন কল্পনাই পুহি ৰাখিছে যদিও আৰ্থিক অনাটনৰ বাবে থমকি ৰ'ব লগা হৈছে মেধাৱী ছাত্ৰী গৰাকী |
স্বাভাৱিকতে,এই দুই গৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰীৰ কৃত্বিতত এতিয়া গৌৰাম্বিত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকলৰ লগতে সমগ্ৰ অঞ্চলবাসী |
- Log in to post comments
- 13 views