গোৱালপাৰাৰ মালাধৰাত ব'হাগী উৎসৱ উদযাপন

goalpara

গোৱালপাৰাৰ পৰা উৎপল ৰাভা :

গোৱালপাৰা জিলাৰ মালাধৰাত মালাধৰা বাৰেবৰণীয়া  সাংস্ক্ তিক সংঘৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৪ সংখ্যক ব'হাগী উৎসৱ উদযাপন কৰা হয় ।ব'হাগী উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ লগতে অতি আকৰ্ষণীয় " ৰাভা দৰায়চিনি " প্ৰতিযোগিতায়ো অনুষ্ঠিত হয়।  বৃহস্পতিবাৰে নিশা অনুষ্ঠিত " ৰাভা দৰায়চিনি " প্ৰতিযোগিতাৰ মুল ৰাউণ্ডৰ চূঢ়ান্ত প্ৰতিযোগিতাত তামুলপুৰৰ জ্যোতিস্মা ৰাভাই ২০১৯ বৰ্ষৰ " ৰাভা দৰায়চিনি "ৰ চূঢ়ান্ত বিজয়ীৰ খিতাপ লাভ কৰাৰ বিপৰীতে বামুনডাংঘাৰ বন্দিতা ৰাভাই প্ৰথম ৰানাৰ্চ আপ আৰু মেঘালয়ৰ ৰিচু বেলপাৰাৰ পবিতা ফেনাং ৰাভাই দ্বিতীয় ৰাণাৰ্চ আপৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । ইপিনে প্ৰবল বৰষুণকো নেওঁচি হেজাৰ হেজাৰ দৰ্শকে যোৱা নিশা অনুষ্ঠিত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সাংস্ক্ তিক অনুষ্ঠান উপভোগ কৰা পৰিলক্ষিত হয় ।

Your Comments