গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণ কাণ্ডৰ সৈতে জৰিতৰ সন্দেহত নগাঁৱৰ ইন্দ্ৰ মোহন বৰাক গ্ৰেপ্তাৰ

nagaon2

ৱাহিদুদ জামান, নগাঁও, ১৭ মে' :

গুৱাহাটীৰ 'গ্ৰেণেড' বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত আজি এজন যুৱকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন ইন্দ্ৰ মোহন বৰা বুলি আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে। এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, গুৱাহাটীৰ ঘটনাৰ সৈতে জড়িত থকাৰ এক খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে কালি ইন্দ্ৰ মোহন বৰাৰ পুৰণিগুদামৰ কঢ়ালী গাৱঁৰ শহুৰেকৰ ঘৰত তেওঁ আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি অভিযান চলাইছিল যদিও আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম নহ'ল। আনকি আজি পুৱতি নিশাও একেটা স্থানত আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। অৱশেষত আজি বিয়লিৰ ভাগত বৰাক তেওঁৰ নিজৰ বাসগৃহ পুৰণিগুদামৰ চলচলিৰ পৰা আৰক্ষীয়ে অভিযান চলাই  কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁক মৰাথান জেৰা চলোৱাৰ পিছত ইন্দ্ৰ মোহন বৰা গুৱাহাটীৰ ঘটনাৰ লগত জৰিত থকাৰ কেতবোৰ ক্লু' লাভ কৰে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে তেওঁৰ পৰা এখন মটৰচাইকেল, এটা মবাইল হেণ্ড চেট, চিম কাৰ্ড আৰু বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনকি, তেওঁৰ পৰা উদ্ধাৰ হোৱা মবাইল ফোনটো পৰীক্ষা নিৰীক্ষা চলোৱাৰ পিছত বৰাই চছিয়েল মিডিয়া যোগে কুটাঘাতমুলক কাৰ্য চলোৱাৰ কেতবোৰ আপত্তিজনক কথা বতৰা পতাৰ তথ্য‌ও আৰক্ষীয়ে লাভ কৰিছে।

তদুপৰি, গুৱাহাটীৰ ঘটনাটোৰ মাষ্টৰ মাইণ্ড নিৰ্দিষ্ট যুৱকজনৰ লগতো সঘনাই  বাৰ্তালাপ হোৱাৰ ওপৰি সেই নিৰ্দিষ্ট যুৱকজন ধৃত ইন্দ্ৰ মোহন বৰাৰ চলচলিৰ বাসগৃহত কিছুদিন পুৰ্বে থাকিও গৈছিল।

 উল্লেখ্য যে গুৱাহাটীৰ ঘটনাৰ লগত আলফা স্বাধীন জৰিত থকাৰ কথা ইত্যাদি আলফা স্বাধীনে ইতিমধ্যেই স্বীকাৰ কৰিছে। ইপিনে, আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰা মতে,  ইন্দ্ৰ মোহন বৰাই আলফা স্বাধীনত আনুষ্ঠানিক ভাৱে যোগদান কৰা নাই যদিও যোৱা জানুৱাৰী মাহৰ পৰাই আলফাৰ লগত সম্পৰ্ক ৰক্ষা কৰি আহিছে।

আনকি, তেওঁ আলফা সদস্য অন্তৰ্ভুক্তিৰ ক্ষেত্ৰতো কাম কৰি আহিছে। আৰক্ষীৰ জেৰাত ধৃত যুৱকজনে বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে সেই কথা সদৰি কৰিব বিচৰা নাই। আজি নিশাটো নগাঁৱত  জেৰা কৰাৰ পিছত কাইলৈ যুৱকজনক গুৱাহাটী আৰক্ষীক চমজাই দিয়াৰ সম্ভাৱনা আছে।

Your Comments