নৰেন শৰ্মা,বাহাৰঘাট,১৭ মে :
আজিও সন্ধান নোলাল সৌৰামুৰীৰ নিৰুদিষ্ট আঢ়ৈ বছৰীয়া শিশু জোন মজুমদাৰৰ৷ইতিমধ্যে শিশুটি ঘৰৰ ওচৰৰে মেৰৰ জানত পৰি নিখোজ হোৱা বুলি ৰাইজ তথা এছ ডি আৰ এফৰ জোৱানে সুকিয়া সুকিয়াকৈ চলোৱা অভিযানতো উদ্ধাৰ কৰিবলৈ ব্যৰ্থ হোৱাত পৰিয়ালৰ লগতে অঞ্চলবাসী হতাশ হৈ পৰিছে৷উল্লেখযোগ্য যে যোৱাকালি দুপৰীয়া শিশুটোৰ মাকে গা-পা ধু্ৱাই ঘৰুৱা কামত ব্যস্ত থকা সময়তে শিশুটো নিখোজ হৈছিল৷পৰিয়ালৰ ফালৰ পৰা চাৰিওপিনে বিচাৰ খোচাৰ কৰাৰ পিচত ওচৰ চুবুৰীয়াক কথাটো অৱগত কৰাত সকলোৱে কনমানিটি মেৰৰ জানত পৰাৰ সন্দেহ কৰি পানীত বিচাৰি অভিযান চলায়৷ উক্ত ঘটনাটো স্থানীয় কঞা আৰক্ষী থানাক অৱগত কৰাত ঘটনাস্থলীত তেওঁলোক উপস্থিত হৈ এছ ডি আৰ এফক খৱৰ দিয়ে৷ আৰক্ষীৰ খৱৰৰ ভিত্তিত এছ ডি আৰ এফে অভিযান চলাই সফল নহৈ উভতি যায়৷ইয়াৰ পিছত স্থানীয় ৰাইজে নিজাববীয়াকৈ অভিযান চলাই যদিও আজি আবেলিলৈ শিশুটোৰ কোনো সন্ধান পোৱা নাই৷অতিপাত খৰস্ৰোতা জানটিৰ পানীৰ সোতত বহু দুৰলৈ শিশুটোক উটুৱাই নিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷
- Log in to post comments
- 14 views